• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 17, 2025 3:01 pm
75
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ পাটনাৰ পৰাস চিকিৎসালয়ত সংঘটিত হৈছে ভয়ানক কাণ্ড। চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এজন কাৰাবন্দীক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে বিহাৰৰ ৰাজধানী পাটনাৰ ৰাজা বজাৰত অৱস্থিত পাৰস হাস্পতাল মহানগৰীৰ অন্যতম প্ৰধান চিকিৎসালয়।

খবৰ অনুসৰি বক্সাৰ জিলাৰ বাসিন্দা চন্দন মিশ্ৰৰ নামৰ এজন লোক পেৰল হাস্পাতালত চিকিৎসাধীন হৈ আছিল। কেশৰী নামৰ এজন লোক হত্যা কৰাৰ অভিযোগ আছিল চন্দন মিশ্ৰৰ বিৰুদ্ধে। চিকিৎসাধীন অৱস্থাতে চন্দন মিশ্ৰক গুলীয়াই হত্যা কৰা হয়।

ঘটনাস্থলীত উপস্থিত থকা পাটনাৰ এছ এছ পি কাৰ্তিকেয়া শৰ্মাই কয়, “মৰণোত্তৰ পৰীক্ষাত কিমান গুলী নিক্ষেপ কৰা হৈছে সেয়া স্পষ্ট হ’ব, কিন্তু কেইবাটাও গুলী নিক্ষেপ কৰা হৈছে। চন্দন মিশ্ৰৰ কোনোবা শত্ৰুৱে চিকিৎসালয়ত প্ৰৱেশ কৰি গুলীচালনা কৰে।”

পৰাস হাস্পতাললৈ পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ বাবে অহা অমিত কুমাৰে কয়, “আমি চিকিৎসালয়ৰ বাহিৰত থিয় হৈ আছিলো। তাৰ পিছত আমি দেখিলোঁ যে কিছুমান মানুহ সোমাইছে। পিছত গুলী চলোৱা বুলি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। তাৰ পিছত বিশৃংখলতাৰ সৃষ্টি হয়। কিছু সময়ৰ পিছত আৰক্ষী আৰু সংবাদ মাধ্যমে তাত উপস্থিত হয়।”

এই সন্দৰ্ভত বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “অপৰাধীয়ে আই চি ইউত প্ৰৱেশ কৰি চিকিৎসালয়ত ভৰ্তি হোৱা এজন ৰোগীক গুলীয়াই গুলীয়াই হত্যা কৰিছে। বিহাৰৰ ক’তো কোনো লোক সুৰক্ষিত নহয়? ২০০৫ চনৰ আগতে এনেকুৱা নাছিল?”

বিহাৰৰ আইন-শৃংখলাৰ পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে বিৰোধীয়ে ৰাজ্য চৰকাৰক সমালোচনা কৰিছে। কিছুদিন পূৰ্বে পাটনাৰ বিশিষ্ট ব্যৱসায়ী গোপাল খেমকাক গান্ধী ময়দানৰ সমীপত অৱস্থিত ঘৰৰ পদূলিতে হত্যা কৰা হৈছিল। ইয়াৰ পিছতে পাটনা আৰক্ষীক লৈও প্ৰশ্ন উত্থাপন হয়।

Recent News

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd