কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসমত ৫ লাখ চাকমা,হাজং শৰণাৰ্থীক সংস্থাপন দিয়াৰ প্ৰসংগত আগবঢ়োৱা বক্তব্যৰ বিৰুদ্ধে সৰব অসম নাগৰিক সমাজ

অজিত কুমাৰ ভূঞা, সভাপতি, পৰেশ মালাকাৰ, সাধাৰণ সম্পাদক অসম নাগৰিক সমাজ

অসমৰ নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কেন্দ্রীয় মন্ত্রী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে অসমত প্ৰায় পাঁচ লাখ চাকমা, হাজং শৰণাৰ্থীক সংস্থাপন দিয়াৰ প্ৰসংগত আগবঢ়োৱা বক্তব্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হয় যে নাগৰিকত্ব সংশোধনী আইন প্রণয়ন কৰাৰ পিছৰ পৰাই অসমৰ মানুহে অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰাৰ যি আশংকা প্রকাশ কৰিছিল ৰিজিজুৰ মন্তব্যই তাক সত্য প্রমাণিত কৰিলে। অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি সংবিধান বিৰোধী, অসম চুক্তি বিৰোধী আৰু অসম বিৰোধী ‘কা’ আইনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈছিল আৰু অসমত নতুন বিদেশীৰ প্ৰৱেশৰ বাট এই আইনে প্রশস্ত কৰিব বুলি কৈ আহিছিল।

অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকৰ ভৱিষ্যত ধ্বংস কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে কৰা ষড়যন্ত্রৰ ই এক উদাহৰণ বুলি ভূঞা আৰু মালাকাৰে বিবৃতিটোত উল্লেখ কৰে। এইক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মীৰ নেতৃত্বাধীন অসম চৰকাৰৰ দুমুখীয়া স্থিতিকো তেওঁলোকে কঠোৰ ভাবে সমালোচনা কৰে। অসম নাগৰিক সমাজে অনুভৱ কৰে যে নিজৰ চকী সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীয়ে জাতিৰ ভৱিষ্যতো যে বিক্রী কৰিবলৈ কুন্ঠিত নহব ,এই কথা চাকমা হাজং শৰণাৰ্থী সংস্থাপনৰ প্রসংগত অসম চৰকাৰে লোৱা স্থিতিয়ে প্ৰমাণ কৰে। নাগৰিক সমাজৰ হৈ প্রকাশ কৰা বিবৃতিটোত সভাপতি আৰু সম্পাদকদ্বয়ে অসমৰ সকলো দল – সংগঠনক কেন্দ্রীয় চৰকাৰৰ এনে এক অসম, অসমীয়া আৰু খিলঞ্জীয়া বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰিবলৈ আহ্বান জনায় আৰু নাগৰিক সমাজো এনে প্রতিবাদৰ অংশ অংগীকাৰবদ্ধ বুলি জানিবলৈ দিয়ে।