NORTHEAST NOW (Assamese)

গান্ধী জয়ন্তীৰ পূৰ্বে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড; দুষ্কৃতিকাৰীৰ সন্ধানত আৰক্ষী

September 17, 2024 9:33 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ চুলতানপুৰত গান্ধীৰ প্ৰতিমূৰ্তিত আক্ৰমণ চলালে দুষ্কৃতিকাৰীৰ দলে। গভীৰ নিশা একাংশ অচিনাক্ত ব্যক্তিয়ে প্ৰতিমূৰ্তি ভাঙি ভাঙি লণ্ডভণ্ড কৰে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে দোষীক চিনাক্ত কৰি তদন্ত আৰম্ভ কৰে। স্থানীয় ৰাইজে প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই প্ৰতিমূৰ্তিটো লক্ষ্ণৌ-বলিয়া ঘাইপথৰ কাষৰ চুলতানপুৰৰ চেদাৱাদী গাঁৱত অৱস্থিত। ১৯৯৬ চনত স্থানীয় ৰাইজৰ উদ্যোগত এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। সোমবাৰে নিশা দুষ্কৃতিকাৰীৰ দলে প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰে। মতিগড়পুৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক তৰুণ কুমাৰ পেটেলে কয়, ‘আমি অতি সোনকালে এই গৰ্হিত কাম কৰা লোকক গ্ৰেপ্তাৰ কৰিম। প্ৰশাসনিক নিৰ্দেশনা অনুসৰি প্ৰতিমূৰ্তি মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব।”

ইফালে স্থানীয় ৰাইজে কয় যে প্ৰতি বছৰে গান্ধী জয়ন্তীৰ দিনা স্থানীয় ৰাইজে প্ৰতিমূৰ্তিটোক শ্ৰদ্ধাঞ্জলি জনায়। মূৰ্তিটোৰ আশে-পাশে সৌন্দৰ্য্যবৰ্ধনৰ কামো আৰম্ভ হ’ব লাগিছিল, তাৰ আগতেই দুষ্কৃতিকাৰীয়ে মূৰ্তিটোক আক্ৰমণ কৰাৰ পিছত গাঁওবাসী বিচলিত হৈ পৰিছিল। অমৰজিৎ সিং নামৰ এজন ব্যক্তিয়ে গান্ধীমূৰ্তিৰ যত্ন লোৱাৰ দায়িত্ব লৈছিল। তেওঁ কয়, চান্দা সংগ্ৰহ কৰি প্ৰয়োজন অনুসৰি পৰিষ্কাৰ কৰা হৈছিল। ভাঙি-ছিঙি পেলোৱাৰ ক্ষেত্ৰত আমি ক্ষিপ্ৰ ব্যৱস্থাৰ দাবী জনাইছোঁ। গান্ধী জয়ন্তীৰ ঠিক আগৰ এনে ঘটনা মই মানি ল’ব নোৱাৰোঁ।

Related News