NORTHEAST NOW (Assamese)

‘ৰাইজৰ খবৰ’ কাকতৰ বৰ্ষপূৰ্তি; সাংবাদিক জিতু শৰ্মা ৰাজখোৱাৰ অভিনন্দন গ্ৰন্থ উন্মোচন

April 11, 2021 10:40 am · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

বোকাখাত মহকুমা সাংবাদিক সন্থাৰ পৃষ্ঠপোষকতাত প্ৰকাশ পাই অহা ‘ৰাইজৰ খবৰ’ নামৰ সাপ্তাহিক কাকতখনৰ ১৫ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান শনিবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হয় ৷

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সম্পাদনাত প্ৰকাশিত ৰাইজৰ খবৰ নামৰ কাকতখনৰ বৰ্ষপূৰ্তি অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে ‘ৰাইজৰ খবৰ’ কাকতৰ সম্পাদক জিতু শৰ্মা ৰাজখোৱাই ৷

স্মৃতি তৰ্পণ কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, নুমলীগড় আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি জয়প্ৰকাশ সোণাৰী, কমাৰগাঁও আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি মহেন শইকীয়া আৰু বাদুলিপাৰ আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি চন্দন গগৈয়ে।

বন্তি প্ৰজ্বলন আৰু সভা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক ৰাতুল ৰাজখোৱাই।

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বুবুল দত্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত ‘ৰাইজৰ খবৰ’ৰ বিশেষ সংখ্যাটিকে ধৰি মুঠ ৮ খন গ্ৰন্থৰ উন্মোচন কৰা হয়।

অনুষ্ঠানত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ বোকাখাতৰ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক শতাধিক দল, সংগঠন আৰু ব্যক্তিয়ে ৰাজহুৱাভাৱে সম্বদ্ধৰ্না জনায় ৷

সভাত জিতু শৰ্মাৰ ৰাজখোৱাৰ জীৱনৰ আধাৰত ‘অবিৰত যাত্ৰাৰ দুৰন্ত সৈনিক’ শীৰ্ষক এখন  অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয় ৷

অভিনন্দন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক, কবি ৰফিকুল হোছেইনে। অনুষ্ঠানত ‘ৰাইজৰ খবৰ’ কাকতৰ বিশেষ সংখ্যাটি উন্মোচন কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি সুষময় পুৰকায়স্থই।

জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ দ্বাৰা কাকতখনত লিখি অহা স্তম্ভলেখাৰএটি সংকলন আৰু সম্পাদকীয়ৰ সমুহৰো এক সংকলন উন্মোচন কৰা হয় ৷

উন্মোচন কৰে ক্ৰমে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰা আৰু ভৱেশ শইকীয়াই । সভাত জ্যেষ্ঠ সাংবাদিক বুবুল দত্তৰ ‘সুবাসিত সময়, মৰিয়াহোলা ইত্যাদি’, সংগীতা গগৈৰ ‘এমুঠি কিৰণ’, সূৱৰ্ণ শইকীয়া বৰদলৈৰ ‘ৰূপালী অপৰাজিতাৰ হাঁহি’আৰু অমৰ শৰ্মাৰ কাব্য সংকলন ‘সোণাৰু দুপৰ’ৰ উন্মোচন কৰা হয় ৷

নিৰ্দিষ্ট বক্তা হিচাপে ‘সাম্প্ৰতিক কালৰ সংবাদ মাধ্যমৰ গতিধাৰা আৰু ভৱিষ্যত দৃশ্যপট’ শীৰ্ষক বক্তব্য প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্তই।

এই সভাতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত কাজিৰঙাৰ প্ৰতিশ্ৰুতি সম্পন্ন কবি সংগীতা গগৈলৈ বোকাখাত মহকুমা সাংবাদিক সন্থাই ৫ হাজাৰ টকা আৰু সমাজকৰ্মী ৰাজুমনি হুছেইনে ১৫ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷

বোকাখাতৰ শতাধিক দল সংগঠন আৰু ব্যক্তিয়ে জিতু শৰ্মা ৰাজখোৱাক ৰাজহুৱাকৈ ‘সমাজৰত্ন’ সন্মান প্ৰদান কৰে।

Related News