NORTHEAST NOW (Assamese)

২০২০ চনৰ ১ জুনৰ পৰা সমগ্ৰ দেশত ‘এক দেশ এক ৰেচন কাৰ্ড’ আঁচনি

December 4, 2019 10:59 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ১ জুনৰ পৰা সমগ্ৰ দেশত ‘এক দেশ এক ৰেচন কাৰ্ড’ আঁচনি প্ৰযোজ্য কৰিব বুলি ঘোষণা কৰে।

এই ‘এক দেশ এক ৰেচন কাৰ্ড’ আঁচনিৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত দৈনিক মজুৰি কৰা শ্ৰমিক সকল লাভৱান হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আনহাতে, এই আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিখন অধিক ফলপ্ৰসুভাৱে আগবঢ়াই নিব পৰা যাব বুলিও কেন্দ্ৰীয় চৰকাৰ আশাবাদী।

‘এক দেশ এক ৰেচন কাৰ্য’ আঁচনিৰ জৰিয়তে এখন ৰেচন কাৰ্ড দেশৰ যিকোনো স্থানতে ব্যৱহাৰ কৰিব পৰা যাব।

উল্লেখযোগ্য যে, সমগ্ৰ ভাৰতত এই আঁচনিখন লাঘু কৰাৰ পূৰ্বে তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰত পাইলট প্ৰজেক্ট হিচাপে আঁচনিখন লাঘু কৰা হৈছিল।

নতুন আঁচনিখন অনুসৰি, দেশৰ বিভিন্ন ৰাজ্যৰ শ্ৰমিক সকলে অন্য ৰাজ্যলৈ কাম কৰাৰ বাবে গলেও সেই স্থানত এখন ৰেচন কাৰ্ডৰ দ্বাৰাই লাভান্বিত হ’ব।

Related News