NORTHEAST NOW (Assamese)

ভাৰতৰ নাম এদিন প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ কৰা হ’ব! কোনে ক’লে?

March 22, 2021 8:42 pm · এন ই নাও নিউজ
Updated: March 22, 2021 8:48 pm

দেশৰ নাম ভাৰত সলাই এদিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে নামকৰণ কৰা হ’ব!

সোমবাৰে এইদৰে প্ৰধানমন্ত্ৰীক সমালোচনাৰে তুলাধুনা দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

বাঁকুৰা জিলাৰ কটুলপুৰত অনুষ্ঠিত এটা নিৰ্বাচনী ৰেলীত অংশ লৈ তেওঁ গুজৰাটৰ মটেৰা ষ্টেডিয়ামৰ নাম প্ৰধানমন্ত্ৰীৰ নামত নামকৰণ কৰাক লৈ তীক্ষ্ণভাৱে সমালোচনা কৰি এইদৰে কয়।

তদুপৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটৰ ৰিপড জিনছসম্পৰ্কীয় মন্তব্যটো ইংগিত কৰি মমতাই কয় যে বিজেপিয়ে নাৰীয়ে কি পিন্ধিব, কি খাব- সেই লৈ ফটোৱা জাৰি কৰিবলৈ লাগি গৈছে।

”আপোনালোকক তেওঁলোকে এইদৰে ভাবিবলৈ দিব যে বিআৰ আম্বেদকাৰতকৈও নৰেন্দ্ৰ মোডী শ্ৰেষ্ঠ! দেখিছেনে কিদৰে গুজৰাটৰ এখন ক্ৰিকেট ষ্টেডিয়াম মোদীৰ নামেৰে পুনৰ নামকৰণ কৰা হৈছে?”- মমতাই এইদৰে কয়।

বিজেপিক ”বাহিৰা দল” হিচাপে অভিহিত কৰি মমতাই অভিযোগ কৰে যে বিজেপিয়ে ৰাজ্যখনলৈ সন্ত্ৰাস সৃষ্টিৰ বাবে গুণ্ডাৰ আমদানি কৰিছে।

”বিজেপিৰ গুণ্ডাবিলাক আপোনাৰ ঘৰলৈ আহিব আৰু তেওঁলোকৰ দলৰ বাবে ভোট ভিক্ষা কৰিব। ঘৰুৱা বাচন-বৰ্তনবিলাক লৈ সাজু হৈ থাকা যাতে তেনেধৰণৰ মানুহে আপোনাক ভাবুকি প্ৰদান কৰিলে খেদি পঠিয়াব পাৰে।”- মমতাই কয়।

তদুপৰি কংগ্ৰেছ আৰু বাওঁমৰ্চাকো সমালোচনাৰ লক্ষ্য হিচাপে বাচি লৈ মমতাই কয় যে তেওঁলোকে বিজেপিৰ স’তে মিতিৰালিত লিপ্ত হৈছে।

Related News