NORTHEAST NOW (Assamese)

বগীবিল দলঙত সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰই

May 20, 2019 9:22 pm · এন ই নাও নিউজ
প্ৰজ্ঞান পৰাশৰ। উৎস-ফেইচবুক

ডিব্ৰুগড়ৰ বগীবিল দলঙৰ ওপৰত সংঘটিত হোৱা এটা শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰজ্ঞানজ্যোতি পৰাশৰ (২৪) নামৰ মেধাৱী ছাত্ৰজনে। দেওবাৰে বন্ধুৰ সৈতে স্কুটীৰে গৈ থকা সময়ত দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰজ্ঞানজ্যোতি পৰাশৰ নামৰূপৰ জ্যোতি নগৰৰ বাসিন্দা ৰমনী শৰ্মাৰ একমাত্ৰ পু্ত্ৰ। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ চতুৰ্থ ষাণ্মাষিকৰ ছাত্ৰ আছিল। নামৰূপ ম’ডেল স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰজ্ঞানে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল।

ঘটনাৰ বিৱৰণি মতে, প্ৰজ্ঞানে দেওবাৰে আবেলি বন্ধুৰ সৈতে বগীবিল দলঙলৈ ফুৰিবলৈ ওলাই গৈছিল আৰু উভতি আহোতে দলঙৰ ওপৰত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত স্কুটিখনত থকা আনজন আৰোহী আহত হয় যদিও প্ৰজ্ঞানে পথৰ ওপৰত বাগৰি পৰাৰ ফলত মুৰত গুৰুতৰভাবে আঘাত পায়।

দুৰ্ঘটনাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত প্ৰজ্ঞানক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হয় যদিও প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত বাটতে তেওঁৰ মৃত্যু হয়।

মেধাৱী ছাত্ৰগৰাকীৰ এনেদৰে মৃত্যু হোৱা ঘটনাই সমগ্ৰ নামৰূপৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শোকৰ বন্যা বোৱাইছে। চিত্ৰকলা আৰু ফটোগ্ৰাফীৰ ৰাপ থকা প্ৰজ্ঞানে বিভিন্ন সামজিক কাম-কাজৰ লগত জড়িত আছিল।

আনহাতে, মৰোণত্তৰ পৰীক্ষাৰ পাছত আজি আবেলি নামৰূপৰ নিজা বাসগৃহত ছাত্ৰজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি ভালেমান দল-সংগঠনে মেধাৱী ছাত্ৰগৰাকীৰ অকাল মৃত্যুত গভীৰ শোক ব্যক্ত কৰে।

Related News