• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পূৰ্বৰ ৮০ শতাংশ ‘এগজিট প’ল’ মিছা প্ৰমাণিত, ই তিনিদিনীয়া মনোৰঞ্জন : প্ৰদেশ কংগ্ৰেছ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , May 20, 2019 10:41 pm

2 min read

Durga Das Boro

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়ো। ফটো : য়ু বি।

3.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আগশাৰীৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে সাধাৰণ নিৰ্বাচনক লৈ আগবঢ়োৱা নিৰ্বাচনোত্তৰ সমীক্ষা (এক্সিট প’ল)ক তিনি দিনীয়া মনোৰঞ্জন আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ।

বেছিভাগ সংবাদ প্ৰতিষ্ঠানে নিজৰ নিজৰ সমীক্ষাত কেন্দ্ৰত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ হোৱাৰ স্পষ্ট ইংগিত দিয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছে ২০ মে’ত ৰাজীৱ ভৱনত এখন সংবাদমেল দি ইয়াৰ সত্যতা নাকচ কৰে।

“আজিলৈকে ৮০ শতাংশ এগজিট প’ল মিছা প্ৰমাণিত হৈ আহিছে। এই তিনি দিন এগজিট প’লে গোটেই ভাৰতীয়ক মনোৰঞ্জন দিব”, সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয়।

২০০৪ চনৰ ‘এগজিট প’ল’ৰ কথা সোঁৱৰাই দি এইবাৰো একজিট প’লৰ একেই দশাৰ পুনৰাবৃত্তি হ’ব বুলি দাবী মুখপাত্ৰজনৰ।

উল্লেখযোগ্য যে ২০০৪ চনত বিভিন্ন বাতৰি প্ৰতিষ্ঠানে আগবঢ়োৱা নিৰ্বাচনোত্তৰ সমীক্ষাত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি কৈছিল যদিও প্ৰকৃত ফল ওলোটা হৈছিল।

তেওঁ লগতে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পাছত অনুষ্ঠিত কেইবাখনো ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ‘একজিট পল’ৰ প্ৰসংগও উত্থাপন কৰে। সেইকেইখন হ’ল দিল্লী, বিহাৰ, পাঞ্জাৱ আৰু গুজৰাট। “এই আটাইকেইখন ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনতে বিভিন্ন সংস্থাৰ ‘এগজিট পল’ৰ ফলাফলত বিজেপি যিমান সংখ্যক আসনত জয়ী হ’ব বুলি প্ৰকাশ পাইছিল ভোটগণনাৰ অন্তত সেয়া অশুদ্ধ প্ৰমাণিত হৈছিল”, বড়োৱে কয়।

তেওঁ ‘এগজিট প’ল’ শাসক দলৰ নিৰ্বাচনী যুঁজৰে এটা কৌশল আখ্যা দিয়ে। এই অনুমানপূৰ্বক ফলাফল “সম্পূৰ্ণ পৰিকল্পিত আৰু ভুৱা তথ্যৰ ভিত্তিত প্ৰচাৰ” বুলি কৈ ইয়াৰ সত্যতা চাবলৈ ২৩ মে’লৈ অপেক্ষা কৰিবলৈ কয় অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে।

এনে ধৰণৰ “আগতীয়া ফলাফল”ৰ দ্বাৰা বিজেপিয়ে বিৰোধী ৰাজনৈতিক দলৰ কৰ্মীৰ মনোবল হ্ৰাস কৰি ভোটগণনাত বিশেষ প্ৰভাৱ খটুৱাব পাৰে বুলিও তেওঁ শংকা প্ৰকাশ কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd