তামুলপুৰৰ কুমাৰীকাটাত পথ দুৰ্ঘটনা; এগৰাকী যুৱক নিহত, শিশুসহ ২ গৰাকী আহত

IMG-20200210-WA0093

ফটো : নৰ্থ-ইষ্ট নাও

বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ গোপীনাথপুৰত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে শিশুসহ দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়।

মৃত্যু হোৱা যুৱকজন দৰংগামেলাৰ বাতচু আলীৰ পুত্ৰ ইকৰাম আলী (২০)। আৰু গুৰুতৰভাৱে আহত হোৱা দুগৰাকী ইকৰামৰ বাইয়েক জ্যোৎস্না বেগম (২৫) আৰু  সাত মহীয়া ভাগিন ইছান আলী।

ঘটনাৰ বিৱৰণী মতে আজি দিনৰ ১১ মান বজাত ইকৰাম আলীয়ে এছ ০১ ই এইচ ৪১৭৬ নম্বৰৰ চাৰি চকীয়া বাহন খনেৰে দৰংগামেলাৰ পৰা কুমাৰীকাটা অভিমুখে আহি আছিল। তেনে সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গোপীনাথপুৰৰ ভঙা আলীত পথ দুৰ্ঘটনাত পতিত হয় আৰু গাড়ীখন পথৰ দাঁতিত লুটি খাই পৰে।

দুৰ্ঘটনাটোৰ ফলত ইকৰাম আলী নিহত হোৱাৰ লগতে তেওঁৰ বাইয়েক জ্যোৎস্না বেগমৰ লগতে ভাগিনজন গুৰুতৰভাৱে আহত হয়।

লগে লগে স্থানীয় লোক আৰু কুমাৰীকাটা আৰক্ষীৰ দলে ঘটনাস্থলত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত জ্যোৎস্না বেগম আৰু কণমানিটিক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে ৯ ফেব্ৰুৱাৰি অৰ্থাৎ দেওবাৰেও ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বৰখোপাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল য’ত ৮ গৰাকীকৈ লোক আহত হৈছিল।