ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ! এইবাৰ বৰপেটাত গুলীবিদ্ধ এজন ড্ৰাগছ ব্যৱসায়ী

272074326_1904421603091365_8932903446122831230_n

বৰপেটা চহৰৰ নিকটৱৰ্তী কেওটকুছিৰ দলঙৰ কাষত সোমবাৰে দিলবৰ ভূঞা নামৰ ড্ৰাগছ ব্যৱসায়ী এজন আৰক্ষীৰ গুলীত আহত হয় ৷

আৰক্ষীয়ে গোপন তথ্য লাভ কৰি পূৰ্বৰে পৰা কেওঁটকুছিৰ দলঙৰ সমীপত খাপ পিটি থাকি আহি থকা দিলবৰৰ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰি গাড়ীত উঠাই থানালৈ নিবলৈ লওতেই অভিযুক্ত দিলবৰে পলায়নৰ চেষ্টা চলায় ৷

আৰক্ষীয়ে লগে লগে ড্ৰাগছ ব্যৱসায়ী দিলবৰলৈ লক্ষ্য কৰি গুলী চালনা কৰাত  ভৰিত গুলী লাগি দিলবৰ আহত হয়।

লগতে পঢ়ক: Covid Update: ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত,মৃত্যু কিমানৰ?

তাৰ পিছতে দিলবৰক বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

বৰপেটাৰ পালহাজীৰ দিলবৰ ভূঞা দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল ৷ এবছৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত কাৰাবাসো খাটিছিল দিলবৰে ৷