চিৰাঙত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত,এজন সৰবৰাহকাৰীক আটক

chira

চিৰাং জিলাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷

দেওবাৰে জিলাখনৰ বিজনীৰ কাৱাটিকাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পম খেদি বিজনী আৰক্ষীৰ দলে চলোৱা অভিযানত ইক্ৰামুল হুছেইন ( ২৭) নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক নিজ গৃহৰ পৰা আটক কৰাৰ লগতে ৭২.৩৫ গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷

আৰক্ষীয়ে সৰবৰাহকাৰী জনৰ পৰা দুটা মোবাইলো জব্দ কৰে ৷