মটৰ চাইকেল দুর্ঘটনাত ৰাজ্যত আজি এজন লোকৰ মৃত্যু

UP-road-accident-1-750x375-1

প্রতিনিধিত্বমূলক ফটো।

শুকুৰবাৰে এক মটৰ চাইকেল দুৰ্ঘটনাত কাছাৰৰ জিৰিঘাটত এজন লোক নিহত হৈছে। নিহত লোকজনক জিৰিঘাটৰ জয়ন্ত দাস বুলি চিনাক্ত কৰা হৈছে।

মটৰ চাইকেলখনত উঠি যোৱা আনজন লোকো দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে। আহত লোকজনক জিৰিঘাটৰ দীপাংকৰ কৰ্মকাৰ বুলি চিনাক্ত হৈছে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে তীব্ৰ বেগে চলাই অহা মটৰ চাইকেলখন নিয়ন্ত্ৰণ হেৰুৱাই পথতে লুটি খাই ছিটিকি পৰাত দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে পঢ়ক: অৱশেষত হৰিদ্বাৰ ধৰ্ম সংসদত বিদ্বেষমূলক মন্তব্যৰ বাবে ‘অন্যতম অভিযুক্ত’ক গ্ৰেপ্তাৰ

দাসে তেওঁৰ মূৰত বৰ বেয়াকৈ আঘাত পায় আৰু আভ্যন্তৰীণভাৱে আঘাত পোৱা ৰ বাবেই থিতাতে মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।

ইপিনে, কৰ্মকাৰক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

বাহনৰ তীব্ৰ গতিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ মূল কাৰণ আছিল আৰু ৰাজ্যখনত অধিকাংশ পথ দুৰ্ঘটনাৰ বাবে এই কাৰণেই দায়ী।

লগতে পঢ়ক:উত্তৰ প্রদেশত আজি ৮জন বিজেপি বিধায়কে যোগদান কৰিব সমাজবাদী পাৰ্টিত

এই সপ্তাহৰ আৰম্ভণিতেই যোৱা দেওবাৰে সন্ধিয়া হোজাইৰ ডবকাতো অনুৰূপ এক মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হৈছিল।

উক্ত মটৰ দুৰ্ঘটনাত ছাইদুল ইছলাম আৰু ফাৰুক আহমেদ নামৰ দুজন লোক নিহত হৈছিল।