বাক্সাৰ নাগ্ৰীজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত নাগাৰা নামৰ সুদক্ষ পাঠক

rhinoo

বাক্সাৰ নাগ্ৰীজুলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তামুলপুৰ- নাগ্ৰীজুলি পথত আবেলি প্ৰায় ৩-৩০ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

এএছ-২৫- চি চি- ৬৭৩৪ নম্বৰৰ মেজিক গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই নাগ্ৰীজুলিৰ ওচৰত বাল্টিনদীৰ দলঙৰ সমীপত থকা ৰেলিংত  প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

নাগ্ৰীজুলিৰ পৰা তামুলপুৰ অভিমুখী আছিল গাড়ীখন।

দুৰ্ঘটনাৰ ফলত গাড়ীখনত আৰোহী হিচাপে থকা প্ৰায় ৪২ বছৰীয়া গোলক ৰাজবংশী নামৰ এজন যুৱক গাড়ীৰ পৰা ওলাই পথত চিটিকি পৰে।

লগে লগে গাড়ীখন গোলকৰ ওপৰত বাগৰি পৰে গোলকক চেপি ধৰে।

ফলত গোলক ৰাজবংশী  থিতাতে নিহত হয়।

পেছাত গোলক ৰাজবংশী এজন গাড়ী চালক আৰু নাগাৰা  নামৰ এগৰাকী সুদক্ষ পাঠক আছিল।

গোলকৰ ঘৰ নাগ্ৰীজুলিৰ সাহপুৰ গাঁওত।

গাড়ীখন নাগ্ৰীজুলিৰ পৰা তামুলপুৰ অভিমুখে আহি থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে।

দুৰ্ঘটনা সংঘটিত কৰি চালকজনে পলায়ন কৰে।

ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ আনে।

কাইলৈ গোলকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হব।

নাগাৰা নামৰ পাঠক গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।