NORTHEAST NOW (Assamese)

জাঁজীত বুলেটৰ খুন্দাত নিহত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ বুলি অহা ৰোগী

December 11, 2018 8:57 pm · ৰাজীৱ দত্ত
শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁজী গড়মূৰত সংঘটিত পথ দুৰ্ঘটনা এজন লোকে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।
ঘটনাৰ বিৱৰণী মতে আজি পুৱা প্ৰায় ৬.৩০ বজাত জাঁজী গড়মূৰত ডিব্ৰুগড়লৈ বুলি বাছত উঠিবলৈ অহা জাঁজী চাউদাং গাঁৱৰ কৃষ্ণ গগৈ ওৰফে ৰাজুক (৫৮) বছৰীয়া লোকজনক যোৰহাট দিশৰ পৰা এ এছ ০৩ ভি ৯১০৩ নম্বৰৰ বুলেট মটৰচাইকেলে খুন্দা মাৰে। ফলত কৃষ্ণ গৈগ গুৰুতৰভাৱে আহত হয়।
ইফালে ঘটনাস্থলীত উপস্থিত হোৱা গৌৰীসাগৰ আৰক্ষীয়ে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকজনক তাৎক্ষণিকভাৱে ১০৮ সেৱাৰ জৰিয়তে জয়সাগৰস্থিত জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে চিকিৎসালয়তে কৃষ্ণ গগৈ মৃত্যুক সাবটি লয়।
উল্লেখযোগ্য যে দুৰ্ঘটনাত নিহত কৃষ্ণ গগৈয়ে চিকিৎসাজনিত কাৰণতে ডিব্ৰুগড়লৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল।

Related News