• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব কংগ্ৰেছ-শূন্য হৈছে : অসম বিজেপিৰ নিমাওমাও কাৰ্য্যালয়ত বহি সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 11, 2018 7:56 pm
BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে ৬০ বছৰ শাসন চলোৱাৰ পাছত বিজেপিক ৬০ মাহৰ সময় দিবলৈ দেশবাসীক আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীয়ে মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৬০ মাহৰ সময় দিছিল। কিন্তু কেন্দ্ৰত ৬০ মাহ সম্পূৰ্ণ হ’বলৈ নাপাওঁতেই শক্তিশালী ভেটি থকা ৰাজ্যসমূহতেই বিজেপিৰ খহনীয়া আৰম্ভ হ’ল।

আজি ঘোষিত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে সেই ছবিখনেই দাঙি ধৰিলে। তথাপিতো নিৰাশ হোৱা নাই বিজেপিৰ অসম প্ৰদেশ সমিতি। উত্তৰ-পূব কংগ্ৰেছ-শূন্য হৈছে, এতিয়া সেয়াই অসম বিজেপিৰ সন্তুষ্টিৰ উৎস।

Apply Now

উল্লেখযোগ্য যে আজি পাঁচখন ৰাজ্যত ঘোষিত নিৰ্বাচনৰ ফলাফল প্ৰত্যাশাৰ বিপৰীত ধৰণৰ হোৱাৰ পিছতে অসম বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্য্যালয়ৰ পৰিৱেশ স্বাভাৱিকতে নিমাওমাও হৈ পৰে। কাৰ্য্যালয়ত পোৱা গ’ল কেৱল সাধাৰণ সম্পাদক দিলীপ শইকীয়াইক।

শইকীয়াই নৰ্থ-ইষ্ট নাওক কয়, “মিজোৰামত কংগ্ৰেছ শোচনীয়ভাৱে পৰাজিত হৈছে। সমগ্ৰ উত্তৰ-পূবৰ আঠোখন ৰাজ্য এতিয়া কংগ্ৰেছমুক্ত হ’ল। ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ-পূবক কংগ্ৰেছমুক্ত কৰাৰ লক্ষ্য লৈছিল আৰু সেই লক্ষ্যত আমি সফল হৈছো। বিজেপিকৰ্মী হিচাপে কংগ্ৰেছক উৎখাত কৰিব পাৰি আমি আনন্দিত আৰু উৎসাহী হৈছো।”

নিজৰ ভৰিৰ তলৰ মাটি কঁপি থকা সত্ত্বেও কংগ্ৰেছক আক্ৰমণ কৰিবলৈ নেৰিলে অসম বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। মিজোৰামত পৰাজিত হোৱাৰ পাছত অসমত কংগ্ৰেছে আনন্দ উল্লাস কৰাৰ কোনো নৈতিক অধিকাৰ নাই বুলিও মন্তব্য কৰে।

ইপিনে শেহতীয়া কেইবছৰ মানত দেশত বলা ‘মোদী ঢৌ’ৰ কোনো প্ৰভাৱ নপৰিল মিজোৰামত। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰেও ৰাজ্যখনত একো কাম নিদিলে।

এই সন্দৰ্ভত মিজোৰামত বিজেপিৰ ভেটিয়েই নাছিল বুলিহে দিলীপ শইকীয়াই মন্তব্য কৰে।

সমান্তৰালভাৱে আন চাৰিখন ৰাজ্যৰ ফলাফলে বিজেপিৰ প্ৰতি এক অশনি সংকেত দিলেও মাত্ৰ কেইমাহমানৰ পাছতেই দেশত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনত এই ফলাফল কাৰক নহ’ব বুলি আশাবাদী ৰাজ্যিক বিজেপি। আজিও ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা প্ৰায় চাৰে চাৰিটা বছৰত দেশত প্ৰগতিৰ নতুন দিগন্ত সূচনা কৰাৰেই দাবী কৰিলে।

“ৰাজস্থান আৰু মধ্য প্ৰদেশৰ পৰা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত গৰিষ্ঠ সংখ্যক সাংসদ নিৰ্বাচিত হৈছিল। কিন্তু এইবাৰ ফলাফলত বিজেপিৰ ভাল নহ’লেও ভোটৰ হাৰ হয়তো নকমে আৰু আমি ভোটবেংক ধৰি ৰাখিবলৈ সক্ষম হৈছো।” শইকীয়াই কয়।

তেওঁৰ মতে এই ৰাজ্যকেইখনৰ চৰকাৰৰ কাম-কাজতহে একাংশ ৰাইজে হয়তো সন্তুষ্ট হ’ব পৰা নাছিল সেয়ে বিজেপি পৰাজিত হ’ব লগীয়া হ’ল বুলি ক’লে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে।

তেওঁ লগতে মধ্য প্ৰদেশৰ ১৫ বছৰীয়া বিজেপি চৰকাৰৰ তুলনাৰে তৰুণ গগৈকো সমালেচনা কৰে।

“১৫ বছৰ ধৰি মধ্য প্ৰদেশত বিজেপিৰ শিৱৰাজ সিং চৌহান নেতৃত্বাধীন চৰকাৰ চলাৰ পাছতো তেওঁৰ জনপ্ৰিয়তা কমা নাই। কিন্তু অসমত তৰুণ গগৈৰ নেতৃত্বত চলা চৰকাৰৰ ১৫ বছৰ হোৱাৰ পাছত শোচনীয় পৰাজয় হৈছিল বুলিও মন্তব্য কৰে। গতিকে কংগ্ৰেছে এতিয়া কিৰীলি পৰাৰ প্ৰাসংগিকতা নাই”, শইকীয়াই কয়।

কংগ্ৰেছে এতিয়া আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা নীতিত মছগুল হৈ আছে বুলিও দিলীপ শইকীয়াই কটাক্ষ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd