• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূব কংগ্ৰেছ-শূন্য হৈছে : অসম বিজেপিৰ নিমাওমাও কাৰ্য্যালয়ত বহি সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মত

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 11, 2018 8:09 pm

3 min read

BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

778
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছে ৬০ বছৰ শাসন চলোৱাৰ পাছত বিজেপিক ৬০ মাহৰ সময় দিবলৈ দেশবাসীক আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীয়ে মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৬০ মাহৰ সময় দিছিল। কিন্তু কেন্দ্ৰত ৬০ মাহ সম্পূৰ্ণ হ’বলৈ নাপাওঁতেই শক্তিশালী ভেটি থকা ৰাজ্যসমূহতেই বিজেপিৰ খহনীয়া আৰম্ভ হ’ল।

আজি ঘোষিত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে সেই ছবিখনেই দাঙি ধৰিলে। তথাপিতো নিৰাশ হোৱা নাই বিজেপিৰ অসম প্ৰদেশ সমিতি। উত্তৰ-পূব কংগ্ৰেছ-শূন্য হৈছে, এতিয়া সেয়াই অসম বিজেপিৰ সন্তুষ্টিৰ উৎস।

উল্লেখযোগ্য যে আজি পাঁচখন ৰাজ্যত ঘোষিত নিৰ্বাচনৰ ফলাফল প্ৰত্যাশাৰ বিপৰীত ধৰণৰ হোৱাৰ পিছতে অসম বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্য্যালয়ৰ পৰিৱেশ স্বাভাৱিকতে নিমাওমাও হৈ পৰে। কাৰ্য্যালয়ত পোৱা গ’ল কেৱল সাধাৰণ সম্পাদক দিলীপ শইকীয়াইক।

শইকীয়াই নৰ্থ-ইষ্ট নাওক কয়, “মিজোৰামত কংগ্ৰেছ শোচনীয়ভাৱে পৰাজিত হৈছে। সমগ্ৰ উত্তৰ-পূবৰ আঠোখন ৰাজ্য এতিয়া কংগ্ৰেছমুক্ত হ’ল। ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ-পূবক কংগ্ৰেছমুক্ত কৰাৰ লক্ষ্য লৈছিল আৰু সেই লক্ষ্যত আমি সফল হৈছো। বিজেপিকৰ্মী হিচাপে কংগ্ৰেছক উৎখাত কৰিব পাৰি আমি আনন্দিত আৰু উৎসাহী হৈছো।”

নিজৰ ভৰিৰ তলৰ মাটি কঁপি থকা সত্ত্বেও কংগ্ৰেছক আক্ৰমণ কৰিবলৈ নেৰিলে অসম বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। মিজোৰামত পৰাজিত হোৱাৰ পাছত অসমত কংগ্ৰেছে আনন্দ উল্লাস কৰাৰ কোনো নৈতিক অধিকাৰ নাই বুলিও মন্তব্য কৰে।

ইপিনে শেহতীয়া কেইবছৰ মানত দেশত বলা ‘মোদী ঢৌ’ৰ কোনো প্ৰভাৱ নপৰিল মিজোৰামত। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰেও ৰাজ্যখনত একো কাম নিদিলে।

এই সন্দৰ্ভত মিজোৰামত বিজেপিৰ ভেটিয়েই নাছিল বুলিহে দিলীপ শইকীয়াই মন্তব্য কৰে।

সমান্তৰালভাৱে আন চাৰিখন ৰাজ্যৰ ফলাফলে বিজেপিৰ প্ৰতি এক অশনি সংকেত দিলেও মাত্ৰ কেইমাহমানৰ পাছতেই দেশত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনত এই ফলাফল কাৰক নহ’ব বুলি আশাবাদী ৰাজ্যিক বিজেপি। আজিও ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা প্ৰায় চাৰে চাৰিটা বছৰত দেশত প্ৰগতিৰ নতুন দিগন্ত সূচনা কৰাৰেই দাবী কৰিলে।

“ৰাজস্থান আৰু মধ্য প্ৰদেশৰ পৰা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত গৰিষ্ঠ সংখ্যক সাংসদ নিৰ্বাচিত হৈছিল। কিন্তু এইবাৰ ফলাফলত বিজেপিৰ ভাল নহ’লেও ভোটৰ হাৰ হয়তো নকমে আৰু আমি ভোটবেংক ধৰি ৰাখিবলৈ সক্ষম হৈছো।” শইকীয়াই কয়।

তেওঁৰ মতে এই ৰাজ্যকেইখনৰ চৰকাৰৰ কাম-কাজতহে একাংশ ৰাইজে হয়তো সন্তুষ্ট হ’ব পৰা নাছিল সেয়ে বিজেপি পৰাজিত হ’ব লগীয়া হ’ল বুলি ক’লে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে।

তেওঁ লগতে মধ্য প্ৰদেশৰ ১৫ বছৰীয়া বিজেপি চৰকাৰৰ তুলনাৰে তৰুণ গগৈকো সমালেচনা কৰে।

“১৫ বছৰ ধৰি মধ্য প্ৰদেশত বিজেপিৰ শিৱৰাজ সিং চৌহান নেতৃত্বাধীন চৰকাৰ চলাৰ পাছতো তেওঁৰ জনপ্ৰিয়তা কমা নাই। কিন্তু অসমত তৰুণ গগৈৰ নেতৃত্বত চলা চৰকাৰৰ ১৫ বছৰ হোৱাৰ পাছত শোচনীয় পৰাজয় হৈছিল বুলিও মন্তব্য কৰে। গতিকে কংগ্ৰেছে এতিয়া কিৰীলি পৰাৰ প্ৰাসংগিকতা নাই”, শইকীয়াই কয়।

কংগ্ৰেছে এতিয়া আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা নীতিত মছগুল হৈ আছে বুলিও দিলীপ শইকীয়াই কটাক্ষ কৰে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd