NORTHEAST NOW (Assamese)

বিদ্যুৎ বিভাগৰ গাফিলতিত হোজাইত পুনৰ এজন কৰ্মচাৰীৰ মৃত্যু

July 1, 2019 8:47 am · নিখিল মুন্দ্ৰা
প্ৰতিনিধিত্বমূলক ফটো

শক্তি বিভাগৰ গাফিলতিৰ বাবে যোৱা ২৬ জুনত বিশ্বনাথত বিদ্যুৎ বিভাগৰ এজন অস্থায়ী কৰ্মচাৰীয়ে শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই দেওবাৰে অৰ্থাৎ ৩০ জুনত পুনৰ হোজাইতো অনুৰূপ ঘটনা সংঘটিত হয়।

ঘটনাৰ বিৱৰণি মতে হোজাই বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ হাৱাইপুৰত যোৱা দুদিন ধৰি বিদ্যুৎ যোগান ব্যাহত আছিল। ফলত ব্যাহত বিদ্যুৎ যোগান মেৰামতি কৰিবলৈ বিদ্যুৎ বিভাগৰ ফালৰ পৰা জৈন উদ্দিন আৰু মুকুন্দ মুদৈ নামৰ দুজন অস্থায়ী কৰ্মচাৰীক নিয়োগ কৰা হয়।

কাম কৰাৰ পূৰ্বে বিদ্যুৎ যোগান কৰ্তন কৰাই কৰ্মচাৰী দুজনে ট্ৰেন্সফৰ্মাৰত উঠি মেৰামতিৰ কাম আৰম্ভ কৰে। মন কৰিবলগীয়া যে কৰ্মচাৰী দুজনে মেৰামতি কৰি থাকোতেই বিদ্যুৎ সংযোগ দিয়াত জৈন উদ্দিন নামৰ কৰ্মচাৰীজন বিদ্যুস্পৃষ্ট হৈ থিতাতে মৃত্যুক আঁকোৱালি লয়। আনহাতে আনজন কৰ্মচাৰী মুকুন্দ মুদৈৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

স্থানীয় লোকে এই ঘটনাৰ উচিত তদন্তৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Related News