আম্বানীৰ ভান্তাৰালৈ বিতৰ্কিত স্থানান্তৰৰ বাবে সাজু আৰু এটা উত্তৰ-পূবৰ হাতী!

এখন পশু এম্বুলেন্সত ত্ৰিপুৰাৰ পৰা ভান্তাৰালৈ লৈ যোৱা হৈছিল এটা হাতী। (প্ৰতিনিধিত্বমূলক ফাইল ছবি)

ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসে উত্তৰ-পূবৰ পৰা আন এটা হাতী নিবলৈ সাজু হৈছে। এইবাৰ অসমৰ পৰা নিবলৈ সাজু হৈছে হাতীটো। এই নতুন পদক্ষেপত বিতৰ্কৰ সৃষ্টি হৈছে।

সূত্ৰ অনুসৰি বিষ্ণুপ্ৰিয়া নামৰ ১৮ বছৰীয়া মাইকী হাতীটো বৰ্তমান পশ্চিম বংগৰ ইস্কন মায়াপুৰ ধামৰ তত্বাৱধানত আছে আৰু ইয়াক উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ মালিকানাধীন ব্যক্তিগত চিৰিয়াখানা ভান্তৰালৈ স্থানান্তৰ কৰাৰ কথা।

মূলতঃ অসমৰ এই হাতীটোৰ স্বত্বাধিকাৰী তিনিচুকীয়া জিলাৰ কাকপথাৰ নিবাসী মলিন মৰাণে ২০১৫ চনত ইস্কন মায়াপুৰক গতাই দিছিল।

তাৰ পিছত মৰাণে শপতনামাত উল্লেখ কৰিছিল যে তেওঁ অসমত হাতীটো ৰক্ষণাবেক্ষণ দিব পৰা নাই আৰু সেয়েহে, হাতীটোক ইস্কন মায়াপুৰৰ পূৰ্ণকালীন তত্বাৱধানত ন্যস্ত কৰাৰ সিদ্ধান্ত লৈছিল।

লগতে পঢ়কঃ আপোনাৰ সন্তানে জানেনে গুড টাচ বা বেড টাচ কি? জানি লওক তাক শিকোৱাৰ পদ্ধতি

পশ্চিম বংগৰ নাদিয়া জিলাত অৱস্থিত ইস্কন মায়াপুৰ। হাতীটোৰ যত্ন লয় মায়াপুৰ পশু সুৰক্ষা দলে।

মৰাণে হাতীটো ধৰ্মীয় কামত ব্যৱহাৰ কৰাৰ বাবে ইস্কনক গতাই দিছিল আৰু বিষ্ণুপ্ৰিয়াই ধৰ্মীয় শোভাযাত্ৰা আৰু অন্যান্য অনুষ্ঠানত নিয়োজিত হোৱাত তেওঁৰ কোনো আপত্তি নাই বুলি দাবী কৰিছিল।

তেওঁ লগতে উক্ত হাতীটো আন কোনো ব্যক্তিক বিক্ৰী কৰা নাই আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ বিধি উলংঘা কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে।

কিন্তু চলিত বৰ্ষৰ এপ্ৰিল মাহত মায়াপুৰত হাতীটোৰ শান্তিপূৰ্ণ সহাৱস্থান বিঘ্নিত হৈ পৰে কিয়নো দুৰ্ঘটনাক্ৰমে বিষ্ণুপ্ৰিয়াই আন এটা হাতীৰ মাউটক হত্যা কৰিছিল।

সূত্ৰই জনোৱা মতে, মাউটৰ মৃত্যু হোৱা এই দুৰ্ঘটনাৰ পিছতে হাতীটোক ভান্তাৰালৈ বদলি কৰিব বিচাৰি কেৰালা আৰু গুজৰাটলৈ উত্তৰ-পূবৰ হাতীৰ অবৈধ সৰবৰাহত নিয়োজিত এটা ছিণ্ডিকেট সক্ৰিয় হৈ পৰে।

সূত্ৰসমূহে প্ৰকাশ কৰিছে যে ইস্কন মায়াপুৰে বিষ্ণুপ্ৰিয়াক বিদায় দিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ পিছতো পশ্চিম বংগৰ বন বিভাগৰ বিষয়াসকলে ইয়াক ভান্তৰালৈ বদলি কৰাত সক্ৰিয় সমৰ্থন আগবঢ়াই আহিছে।

ইয়াৰ ফলত গোপন হাতী ব্যৱসায়ৰ চক্ৰৰ সৈতে জড়িত সম্পৰ্কৰ সন্দেহৰ সৃষ্টি হৈছে, বদলি ক্ষিপ্ৰ কৰাৰ বাবে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতাৰ নিৰ্দেশত বন বিষয়াসকলে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ আধুনিক মহাভাৰত! পত্নীক বাজীত ৰাখি স্বামীয়ে বন্ধুৰ লগত খেলিলে জুৱা

বিষ্ণুপ্ৰিয়াৰ বদলিৰ প্ৰস্তাৱক লৈ পৰিৱেশ কৰ্মী আৰু পশু কল্যাণ সংস্থাসমূহৰ মাজত যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে।

তদুপৰি, এই বদলিৰ বৈধতাও নিৰীক্ষণৰ আওতালৈ আহিছে। ভাৰতীয় বন্যপ্ৰাণী নিয়ম অনুসৰি ৰাজ্যখনৰ পৰা অহা যিকোনো হাতীক আন এঠাইলৈ বদলি কৰাৰ পূৰ্বে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ অনুমোদন বাধ্যতামূলক। বন বিভাগৰ ভিতৰৰ সূত্ৰই অসম চি ডব্লিউ এল ডব্লিউৱে অনুমোদন দিয়া নাই বুলি দাবী কৰিলেও এই তথ্য নৰ্থইষ্ট নাওয়ে স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব নোৱাৰিলে।

উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া হাই পাৱাৰ কমিটি (এইচপিচি)ক বিপথে পৰিচালিত কৰি হাতীটোৰ বদলিৰ অনুমতি লোৱা বুলি সন্দেহ কৰা হৈছে। ২০২২ চনত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে গঠন কৰা এইচ পি চিক ২০২৩ চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ ওপৰত অধিকাৰ প্ৰদান কৰিছিল।

বিষ্ণুপ্ৰিয়াৰ বদলিক লৈ উত্থাপিত উদ্বেগৰ উপৰিও শেহতীয়াকৈ কেৰালা উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বন্দী হাতীৰ কল্যাণৰ বাবে উদ্বেগ প্ৰকাশ কৰি আন ৰাজ্যৰ পৰা কেৰালালৈ হাতী বদলি কৰাত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিছে।

লগতে পঢ়কঃ “গুজৰাটত প্ৰতিদিনে হিংসাত্মক ঘটনা চলাহেতেঁন আপুনি কি কৰিলেহেতেঁন?” অমিত শ্বাহলৈ চিঠি মণিপুৰৰ বিধায়কৰ

বিষ্ণুপ্ৰিয়াক ভান্তাৰালৈ বদলি কৰিলে উত্তৰ-পূবৰ পৰা  ৰাধা কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসলৈ বিতৰ্কিত হাতী বদলিৰ ধাৰাবাহিকতাৰ এইটো শেহতীয়া ঘটনা হ’ব। ২০২১ চনৰ পৰা অৰুণাচলৰ পৰা কমেও ৩৯টা হাতী জামনগৰলৈ লৈ যোৱা হৈছে, কেৱল ২০২২ চনৰ এপ্ৰিল আৰু জুন মাহত ১৭টা হাতী স্থানান্তৰ কৰা হৈছে। ত্ৰিপুৰাইও জামনগৰলৈ ২৩টা হাতী প্ৰেৰণ কৰিছে, শেহতীয়াকৈ ১২টা হাতী বদলি হোৱাৰ সময়ত পৰিবহণ পদ্ধতিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।