নিৰ্বাচনী সংস্কাৰৰ স্বাৰ্থতে’এক ৰাষ্ট্ৰ, এক ভোটাৰ তালিকা’ৰ পোষকতা কৰিলে বিজেপি নেতা মুখতাৰ আব্বাছ নকভিয়ে

দেশত নিৰ্বাচনী সংস্কাৰৰ স্বাৰ্থতে ‘এক ৰাষ্ট্ৰ, এক ভোটাৰ তালিকা’ৰ পোষকতা কৰিলে বিজেপিৰ নেতা মুখতাৰ আব্বাছ নকভিয়ে।জ্যেষ্ঠ বিজেপি নকভিয়ে শনিবাৰে কয় ‘এক ৰাষ্ট্ৰ, এক ভোটাৰ তালিকা’ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত সংস্কাৰৰ বাবে প্ৰয়োজন । প্ৰাক্তন সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) চিন্তাবিদ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী উদযাপনৰ অনুষ্ঠানত ভাষণ দি এনেদৰে কয়।

তেওঁ কয়” পঞ্চায়ত, পৌৰ নিগম, পৌৰসভা, বিধান সভা, লোকসভা আৰু অন্যান্য নিৰ্বাচনৰ বাবে বিভিন্ন ভোটাৰ তালিকাই কেৱল বিভ্ৰান্তিৰ সৃষ্টি নকৰে, লগতে ভোটাৰ তালিকাৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। ‘এক ৰাষ্ট্ৰ, এক ভোটাৰ তালিকা’ আৰু ‘এক ৰাষ্ট্ৰ, এক ভোটাৰ কাৰ্ড’-এ এনে সমস্যাৰ সমাধান কৰাত সহায় কৰিব পাৰে ।

নকভিয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত ২০০০ চনত বহুতো গুৰুত্বপূৰ্ণ নিৰ্বাচনী সংস্কাৰ ঘটোৱা হৈছিল ।যাৰ ভিতৰত আছিল ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ব্যৱহাৰ, দুটাতকৈ অধিক স্থানৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ ওপৰত নিষেধাজ্ঞা, নিৰ্বাচনী ব্যয়ৰ সীমা আৰু ৰাজনীতিত অপৰাধকৰণৰ ওপৰত নিয়ন্ত্ৰণ আদি।

নকভিয়ে কয় ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিৰ্বাচনী প্ৰক্ৰিয়াত বিভিন্ন গুৰুত্বপূৰ্ণ সংস্কাৰ সাধিবলৈ আৰম্ভ কৰিছে।মোদীৰ চৰকাৰে ৰাজনৈতিক দল, নিৰ্বাচনত প্ৰাৰ্থীসকলৰ দ্বাৰা ক’লা ধনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত বিত্তীয় স্বচ্ছতা নিশ্চিত কৰিবলৈ ‘নিৰ্বাচনী বণ্ড’ আনিছে,” ।

তেওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ক “ৰাজনৈতিক বিশুদ্ধতা আৰু সততাৰ প্ৰতীক” বুলি অভিহিত কৰে আৰু তেওঁৰ নীতি – আদৰ্শক নিৰ্বাচনী সংস্কাৰৰ বাবে এক অপৰিহাৰ্য আৰু কাৰ্যকৰী পাঠ বুলি মন্তব্য কৰে।