হোজাইত বজ্ৰপাতে প্ৰাণ ল’লে এজনৰ, গুৰুতৰভাৱে আহত দুজন লোক

thunderstorm

হোজাইত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোগগৰাকী। উৎস-ইণ্টাৰনেট

হোজাই জিলাৰ নীলবাগানৰ মেথিগাঁৱত আজি বজ্ৰপাত পৰি একেখন পৰিয়ালৰ এজন লোক নিহত হোৱাৰ উপৰিও আন দুজন লোক গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি আজি দিনৰ ভাগত বতৰ বেয়া হৈ থকা সময়তে নীলবাগানৰ মেথিগাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰৰ ওপৰতে বজ্ৰপাত পৰে। বজ্ৰপাতৰ ফলত ঘৰটোৰ ভিতৰত থকা লোকসকলৰ ভিতৰত এজন লোকৰ থিতাতে মৃত্যু হয়।

নিহত লোকজনৰ নাম নীলবাগানৰ মেথিগাঁৱৰে মানিক আহমেদ বুলি জানিব পৰা গৈছে।

আনহাতে, বজ্ৰপাতৰ ফলত আহত হোৱা লোককেইগৰাকী শ্বহীদ আহমেদ আৰু হছেইন আহমেদ বুলি পৰিচয় লাভ কৰা গৈছে। নিহত আৰু আহত হোৱা লোককেইগৰাকী একেখন পৰিয়ালৰ আত্মীয় বুলি নিশ্চিত হৈছে।

স্থানীয় ৰাইজৰ গুৰুতৰভাৱে আহত শ্বহীদ আহমেদ আৰু হুছেইন আহমেদক ডবকা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান দুয়োগৰাকী লোকক চিকিৎসকে সংকতমুক্ত বুলি ঘোষণা কৰিছে।

বজ্ৰপাতৰ ফলত এনেদৰে অকাল মৃত্যুক সাৱতি লবলগীয়া হোৱা মানিক আহমেদৰ পৰিয়ালত শোকৰ বন্যা বৈছে।