NORTHEAST NOW (Assamese)

লিডুত পথ দুৰ্ঘটনাত নিহত এজন; এজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ

July 20, 2019 9:54 pm · মানস প্ৰতিম গগৈ
প্ৰতিনিধিত্বমূলক ফটো

মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰী সমীপৰ ব্ৰহ্মাকেম্পত আজি সন্ধিয়া সংঘটিত এক  ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ বিৱৰণি মতে আজি সন্ধিয়া কেঁচা চাহপাত কঢ়িয়াই অনা এ এছ ২৩ বি চি ৪৪৫৯ নম্বৰৰ এখন ডি আই গাড়ীৰ লগত মাৰ্ঘেৰিটা দিশৰ পৰা গৈ থকা এখন বাইকৰ সৈতে মুখামুখু সংঘৰ্ষ হয়। ফলত দুয়োগৰাকী বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োকে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। কিন্তু দুৰ্ভাগ্যবশত ইয়াৰে এজনৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। আনজন আঘাতপ্ৰাপ্ত লোকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

বাতৰি লিখা পৰলৈকে দুৰ্ঘটাটোত নিহত আৰু আঘাতপ্ৰাপ্ত দুয়োজনৰে পৰিচয় জানিব পৰা হোৱা নাই।

Related News