মেথনিত ৩৭ নং ৰাষ্ট্ৰীয় পথত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক

IMG-20200215-WA0109~2

ফটো নর্থইষ্ট নাও

বোকাখাতৰ মেথনি চাহ বাগিছাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত শনিবাৰৰ সন্ধিয়া এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰ্টিত হয় ৷

পথৰ গৰু বচাবলৈ গৈ ট্ৰাকৰ তলত সোমাই মৃত্যুক আকোৱালি লয় এজন মটৰ চাইকেল আৰোহীয়ে ৷

প্ৰাপ্য তথ্য মতে এ এছ ০৫ ই -৮২৮৬ নম্বৰৰ মটৰচাইকেলত আহি থকা বীৰেণ টেৰণ নামৰ ব্যক্তিজনে পথৰ গৰুৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পি বি ১২ বি ই – ৮০৯৫ নম্বৰৰ মালবাহী ট্ৰাকখনত খুন্দা মাৰি মটৰ চাইকেলেৰে সৈতে ট্ৰাকৰ তলত সোমাই পৰে ৷

ট্ৰাকখনৰ দুটা চকাৰ মাজত সোমাই পৰে ব্যক্তিজনৰ দেহটো ৷ ঘটনাৰ ফলত বীৰেণ টেৰণে ঘটনাস্থলীতে মৃত্যু বৰণ কৰে ৷

বীৰেণ টেৰণৰ ঘৰ বোকাখাতৰ সমীপৰে কাকজুৰিত বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ ট্ৰাকৰ তলৰ পৰা মটৰ চাইকেল সহ নিহত বীৰেণ টেৰণৰ মৃতদেহ উদ্ধাৰ কৰে ৷