পুৱতি নিশা ৰংজুলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

পুৱতি নিশা ৰংজুলিত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা।ৰংজুলি চিকিৎসালয়ৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখী ট্ৰাক আৰু গোৱালপাৰা  অভিমুখী মেক্সিমো বাহনৰ মাজত ঘটে মুখামুখী সংঘৰ্ষ।

সংঘৰ্ষত কন্টেইনাৰ ট্ৰাকখনে মেক্সিমো বাহন খনক চেপি ধৰাৰ ফলত থিতাতে নিহত হয় মেক্সিমোৰ চালক। গুৰুতৰভাবে আহত হয় মেক্সিমোৰ এগৰাকী আৰোহী। দুয়োকে প্ৰায় তিনি ঘণ্টাৰ পিছতহে ক্ৰেণেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাত নিহত জন বৰপেটা বহৰিৰ ৰহিম খান বুলি জানিব পৰা গৈছে। আনহাতে আহতজন বকো কালাতুলীৰ ৰহিচ আলি। ৰহিচ আলীক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় ।

দুৰ্ঘটনাত পতিত ট্ৰাক খনৰ নম্বৰ TN-52-L-4487 আৰু মেক্সিমোখন AS-13-C-6854 নম্বৰৰ।