NORTHEAST NOW (Assamese)

গোলাঘাটত দিন দুপৰতে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

July 26, 2021 6:47 am · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

বন্যহস্তীৰ আক্ৰমণ গোলাঘাটৰ বাবে নতুন কথা নহ’য়। গোলাঘাটৰ বিভিন্ন অঞ্চলত দৈনিক বন্যহস্তীৰ আক্ৰমণ হৈ থাকে।

সাধাৰণতে নিশাৰ ভাগতহে বন্যহস্তীয়ে গাওঁ অঞ্চল বা চাহ বাগান এলেকাত আক্ৰমণ কৰা দেখা যায় যদিও দেওবাৰে দিনৰ ভাগতে বন্যহস্তীৰ আক্ৰমণত  এজন লোকৰ মৃত্যুৰ  ঘটনা সংঘটিত হ’য়।

মৃত লোকজন হ’ল গোলাঘাট মৰঙী চাহ বাগিচাৰ পাছকাল মোড়া।

জানিব পৰা মতে, দেওবাৰে দুপৰীয়া গোলাঘাট মৰঙী চাহবাগিচাৰ পৰা পোৰাবাংলালৈ লোকজনে বজাৰ কৰিব গৈ থকা অৱস্থাত পথৰ কাষৰ খাল এটাৰ পৰা  এটা হাতী  উঠি আহি হঠাৎ পথৰ মাজত পিছফালৰ পৰা আক্ৰমণ কৰে পাছকাল মোড়াক।

বনৰীয়া হাতীটোৱে প্ৰচণ্ড জোৰেৰে  আক্ৰমণৰ কৰাত থিতাতে মৃত্যু হ’য় পাছকাল  মোড়াকৰ।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মৰঙী, মুৰফুলনী, থুৰামোখ, ফলঙনী, নুমলীগড়ৰ বিভিন্ন অঞ্চলত দিনক-দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।

বন্যহস্তীৰ খাদ্যৰ অভাৱ তথা বনাঞ্চল ধ্বংসৰ ফলতেই  এই সংঘাত বৃদ্ধি পাই আহিছে বুলি অভিযোগ কৰে ভুক্তভোগী লোকসকলে।

Related News