ধলাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত শদিয়াৰ পৰা এজনক গ্ৰেপ্তাৰ

dhola massacre

তিনিচুকীয়াৰ ধলা গণহত্যাত নিহতসকলৰ ছবি। নৰ্থ ইষ্ট নাও।

ধলাৰ হত্যাকাণ্ডৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত তিনিচুকীয়াৰ শদিয়াৰ এজন যুৱকক আৰক্ষীয়ে কিছু সময়ৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিছে। দিকলাই নামৰ যুৱকজন আলফা (স্বাঃ)ৰ লিংকমেন বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। লগতে তেওঁৰ ১ নৱেম্বৰৰ দিনা সংঘটিত হত্যাকাণ্ডটোৰ সৈতে সম্পৰ্ক থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে যুৱকজনক শদিয়া আদালতত হাজিৰ কৰায়।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, যুৱকজনক আলফা (স্বাঃ)ৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখযোগ্য যে যোৱা ১ নৱেম্বৰত ধলাৰ ওচৰৰ খেৰবাৰীত অচিনাক্ত বন্দুকধাৰীয়ে ৫জনকৈ লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল। হত্যাকাণ্ডটোৰ পিছত সমগ্ৰ অসম জুৰি এতিয়াও ক্ষোভৰ জুই জ্বলি আছে। বাঙালী সম্প্ৰদায়ৰ লোকক হত্যা কৰা এই ঘটনাই ৰাজ্যখনত অসমীয়া-বাঙালীৰ মাজৰ সম্প্ৰীতি বিনষ্ট কৰাৰ উপক্ৰম কৰিছে।

মন কৰিব লগীয়া কথাটো হ’ল হত্যাকাণ্ডৰ পিছতে আলফা (স্বাঃ)-এ এই ঘটনা তেওঁলোকে সংঘটিত নাই কৰা বুলি বাতৰিকাকতলৈ বিবৃতি প্ৰেৰণ কৰিছিল। আনহাতে খোদ বাঙালী সংগঠন আৰু ৰাজনৈতিক দলবোৰেই এই হত্যাকাণ্ডৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি দাবী কৰি আহিছে। পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়েও ধলাৰ হত্যাকাণ্ডত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি স্পষ্ট কৰিছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে হত্যাকাণ্ডৰ প্ৰতিবাদত আজি কেইবাটাও বাঙালী সংগঠনে অসম বন্ধ দিছে।