NORTHEAST NOW (Assamese)

হাঁ‌হচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা : নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিলে গছত, এজন গুৰুতৰভাৱে আহত

July 27, 2019 3:07 pm · পার্শ্বজোতি গগৈ
দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰা গাড়ীখন। ফটো : নৰ্থইষ্ট নাও

আজি পুৱাই শিৱসাগৰ জিলাৰ কুজিবালি হাঁহচৰাৰ শিৱমন্দিৰ ওচৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত গাড়ীখনত থকা যাত্ৰী দুজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও এজন গুৰুতৰভাৱে আহত হয়।

শিৱসাগৰৰ নাজিৰাৰ পৰা শিৱসাগৰ অভিমুখী এখন টাটা হেক্সা গাড়ীয়ে  পথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা আম গছত খুন্দা মৰাৰ ফলত গাড়ীখনৰ সন্মুখভাগ প্ৰায়ে চূৰ্ণ বিচুন্ন হৈ পৰে৷ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ হৈছে এএছ-০৪৫-৮০১৭১। গাড়ীখনৰ চালক আছিল জয়ন্ত বুঢ়াগোহাঁই।

চালকৰ ভাষ্য অনুসৰি বৰষুণৰ বতৰত দুৰ্ঘটনা সংঘটিত হোৱা ঠাই ডোখৰ পিচল হৈ আছিল আৰু গছৰ পাত পৰি থকাত গাড়ীখন আম গছ জোপাৰ ফালে টানি লৈ যোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়।

আনহাতে, প্ৰত্যক্ষদৰ্শীৰ মতে গাড়ীৰ গতি অতি তীব্ৰতৰ হোৱাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে।

ইপিনে, গাড়ীখনত অহা আন জন যুৱক শৈল গগৈ গুৰুতৰভাৱে আহত হোৱাত তেওঁক শিৱসাগৰ অ’এনজিচি চিকিৎসালয়ত ততাতয়াকৈ ভৰ্ত্তি কৰোৱা হয়।

Related News