NORTHEAST NOW (Assamese)

অসমত আৰু এগৰাকী ক’ভিড১৯ পজিটিভ চিনাক্ত, আক্ৰান্ত ৪৪লৈ বৃদ্ধি

May 5, 2020 9:56 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি

অসমত আজিৰ দিনটোৰ দ্বিতীয়গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী ধৰা পৰিছে।

ৰোগীগৰাকী কোকৰাঝাৰৰ। জিলাখনত এইটো প্ৰথমটো পজিটিভ ঘটনা।

পশ্চিমবঙ্গৰ কোচবিহাৰ ভ্ৰমণৰ বুৰঞ্জী আছে আক্ৰান্ত লোকজনৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰী কৰিছে।

আজিৰ দিনটোতে গোৱালপাৰাৰ এজন লোক কোভিড১৯ত আক্ৰান্ত বুলি চিনাক্ত হৈছিল।

গোৱালপাৰাৰ লোকজন কণ্টেইনমেন্ট জ’নত পোৱা গৈছে কাৰণে সেয়ে শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি জনাইছিল স্বাস্থ্য মন্ত্ৰী শৰ্মাই।

বৰ্তমানলৈকে ৰাজ্যত মুঠ ৪৪ জন আক্ৰান্ত হৈছে। ১১ জন চিকিৎসাধীন, এজনৰ মৃত্যু আৰু ৩২ জনক হাস্পাতালৰ পৰা মুকলি কৰি দিয়া হৈছে।

Related News