আহি আছে OnePlusৰ নতুন স্মাৰ্টফোন; OnePlus 7, OnePlus 7 Proত দিছে ২০০০ টকাৰ ৰেহাই

op-7-pro--main-2-main_090219122504

ফটো উৎস : ইন্টাৰনেট

চীনৰ স্মাৰ্টফোন কোম্পানী OnePlus এ তেওঁলোকৰ নতুন স্মাৰ্টফোন মুকলি কৰাৰ প্ৰস্তুতি চলাইছে।

অহা মাহত কোম্পানীটোৱে OnePlus 7T আৰু OnePlus 7T Pro মুকলি কৰাৰ সম্ভাৱনা আছে।

আনহাতে, কোম্পানীটোৱে ইয়াৰ OnePlus 7 আৰু OnePlus 7 Pro স্মাৰ্টফোনত ২,০০০ টকাৰ ৰেহাই দি আছে।

ই-কমাৰ্ছ ৱেবছাইট Amazonত এই অফাৰ আছে আৰু ইয়াৰ উপৰি OnePlusৰ ৱেবছাইটৰ জৰিয়তেও এই ৰেহাই লাভ কৰিব পাৰে।

যোৱা ৩১ আগষ্টৰ পৰা  OnePlus Flagship Phenomenon Sale ৰ আৰম্ভণি হৈছে আৰু ই ৬ ছেপ্টেম্বৰলৈকে চলিব।

এই বিক্ৰীৰ বাবে OnePlus এ Axis বেংকৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে। গ্ৰাহকক ২,০০০ টকাৰ ইনষ্টেন্ট ৰেহাই দিয়া হ’ব।

ফটো উৎস : ইন্টাৰনেট

আপোনাৰ লগত যদি ICICI বেংকৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড  আছে তেতিয়াহ’লে আপুনি ইনষ্টেন্ট ৰেহাইৰ বাবে যোগ্য।

এই বিক্ৰী চলি থকাৰ সময়ত OnePlusৰ অফলাইন এক্সপেৰিয়েন্স ষ্ট’ৰৰ পৰাও ক্ৰয় কৰিব পাৰে।

Amazon বা OnePlus ৰ ৱেবছাইটৰ পৰা আপুনি ১৫০০টকাৰ ইনষ্টেন্ট ৰেহাই লাভ কৰিব পাৰে।

OnePlus 7, OnePlus 7 Proৰ এই অফাৰ EMI আৰু Non EMI  লেনদেনতো প্ৰযোজ্য হ’ব। OnePlus 7 Mirror Blueৰ 6GB+128GB   ভেৰিয়ন্টৰ মূল্য ৩২,৯৯৯টকা। এইটো আপুনি ৩১,৪৯৯টকাত ক্ৰয় কৰিব পাৰিব।

OnePlus 7 Mirror Greyভেৰিয়ন্টৰ 6GB+128GBৰ মূল্য ৩২,৯৯৯টকা, যিটো আপুনি ৩১,৪৯৯ টকাত কিনিব পাৰিব।

OnePlus ৰ এই ক্ৰয়ৰ সময়ত আপুনি কোনো ধৰণৰ ফ্ল্যাচ চেলৰ অপেক্ষা কৰিবলগীয়া নহয়।

OnePlus 7 Red ভেৰিয়ন্টৰ 8GB ৰেম আৰু256GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ মূল্য ৩৭,৯৯৯ টকা যদিও অফাৰৰ পাছত গ্ৰাহকে ইয়াক ৩৪,৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব।

OnePlus 7 Pro Nebula Blue 8GB+128GB ৰ আৰম্ভণি মূল্য ৫২,৯৯৯ টকা। অফাৰৰ পাছত ইয়াক আপুনি ৫০,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব।