NORTHEAST NOW (Assamese)

মাৰণাস্ত্ৰসহ বিশ্বনাথ আৰক্ষীৰ জালত পৰিল কুখ্যাত গঁড় চিকাৰী আব্দুল

January 30, 2019 10:46 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ জিলা আৰক্ষীৰ বৃহৎ সফলতা। বিশ্বনাথ আৰক্ষী আৰু বন বিভাগে আজি এক যুটীয়া অভিযান চলাই দুটাকৈ ৩০৩ ৰাইফল আৰু ১৮ জাঁই সজীৱ গুলীৰ লগতে দুটা মেগজিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে কুখ্যাত গঁড় চিকাৰী আব্দুল জলিলকো আটক কৰিবলৈ সক্ষম হয়।

বন বিভাগ তথা আৰক্ষীৰ মূৰৰ কামোৰনি হোৱা আব্দুলক অভিযানকাৰী দলটোৱে চতিয়াৰ ভোজমাৰী গাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয়। লগতে পুতি থোৱা অৱস্থাৰ পৰা মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

কুখ্যাত গঁড় চিকাৰী আব্দুল জলিল বহু দিনৰ পৰা পলাতক হৈ আছিল যদিও অৱশেষত আজি বিশ্বনাথ আৰক্ষীৰ জালত পৰে।

Related News