NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰৰ কাঠ চাপৰিত গঁড় হত্যাৰ পৰিকল্পনা ৰচা দ্বিতীয়জন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

April 10, 2020 11:34 am · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

ব্ৰহ্মপুত্ৰৰ নদীৰ মাজৰ কাঠ চাপৰিত স্থানীয় ৰাইজে বিগত ৬ এপ্রিলত কৰায়ত্ব কৰি আৰক্ষীক অৰ্পণ কৰা গাগম ইকো নামৰ চোৰাং চিকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত মহকুমাৰ কমাৰগাঁও আৰক্ষীয়ে আন এজন চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে।

অৰুণাচলৰ দুধৰ্ষ গঁড় চিকাৰী গাগম ইকোৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কমাৰগাঁও আৰক্ষীৰ এটা দলে গহপুৰৰ পূর্বজ্যোতি কৃষিপাম নিগমত অভিযান চলাই বৃহস্পতিবাৰে দেৱজিত গগৈ নামৰ আন এজন দুর্ধর্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাত ধৃত দেৱজিত গগৈয়ে গঁড় চিকাৰত জড়িত থকাৰ উপৰি দীৰ্ঘ দিনৰ পৰা অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ চোৰাং বজাৰত গঁড়ৰ খৰ্গ বিক্ৰীৰ স’তে জৰিত থকাৰ কথা স্বীকাৰ কৰা বুলি কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ময়ুৰজিত গগৈয়ে জনাইছে।

ধৃত গঁড়ৰ চোৰাংচিকাৰী দুজনৰ স্বীকাৰোক্তিত গঁড় হত্যাৰ বহুবোৰ বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সগতে এই সম্পৰ্কত অভিযান অব্যাহত থকা বুলিও বিষয়াগৰাকীয়ে জনায়।

কাঠ চাপৰিত গঁড় হত্যাৰ পৰিকল্পনাত জড়িত চোৰাংচিকাৰী দলৰ বাকী সদস্যক বিচাৰিও অভিযান চলাই আছে আৰক্ষীয়ে।

Related News