NORTHEAST NOW (Assamese)

গুৱাহাটীত আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

June 12, 2020 12:44 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

গুৱাহাটীত এগৰাকী আৰক্ষী জোৱানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

আৰক্ষী জোৱানজনৰ নাম অনিল চন্দ্ৰ ৰায়। তেওঁ 8th APBN ৰ জোৱান।

এমাহ পূৰ্বে বঙাইগাঁওৰ অষ্টম APBN কাৰ্য্যালয়ৰ পৰা গুৱাহাটীত কৰ্তব্যৰ বাবে অনা হৈছিল জোৱানজনক।

জোৱানজন মালিগাঁওৰ নেতাজী বিদ্যাপীঠৰ অস্থায়ী শিবিৰত আছিল। তেওঁৰ লগত প্ৰায় ৬০-৭০ গৰাকী জোৱানক একেলগে শিবিৰটোত ৰখা হৈছিল।

কিছু দিনৰ পৰা জোৱানজন জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল। সেয়েহে তেওঁ নিজে যোৱা মঙ্গলবাৰে MMCH ত স্বাৱ টেষ্ট কৰায়।

ইয়াৰ পাছতে বৃহস্পতিবাৰে নিশা তেওঁৰ কোভিড-১৯ পজিটিভ ধৰা পৰে।

বৰ্তমান MMCH তে চিকিৎসাধীন হৈ আছে আৰক্ষী জোৱানজন।

ইপিনে, তেওঁৰ সংস্পৰ্শলৈ অহা জোৱানকেইজনক নেতাজী বিদ্যাপীঠতে কোৱাৰেন্টাইন কৰা হৈছে।

এক সূত্ৰই জনোৱা অনুসৰি জোৱানজন মহানগৰীৰ সৰু সজাই ষ্টেডিয়াম কোৱাৰেন্টাইন চেণ্টাৰ আৰু পল্টনবজাৰ এলেকাত কৰ্তব্যত নিয়োজিত হৈছিল।

অৱশ্যে, কেনেকৈ কাৰ সংস্পৰ্শলৈ অহাৰ বাবে তেওঁ কৰ’না আক্ৰান্ত হ’ল সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই।

তদুপৰি, মহানগৰীৰ ৰূপনগৰৰ ৰূপালী পথৰ এটি ১১ মহীয়া শিশুৰ দেহটো কালি নিশা ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

শিশু টিৰ সৈতে মাতৃকো GMCH ত থকাৰ অনুমতি দিয়া হৈছে। শিশুটি পিতৃ-মাতৃৰ সৈতে বিমানযোগে ৰাজস্থানৰ পৰা আহি ৩ জুনত গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছিল।

ইপিনে, কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা লাচিত নগৰৰ হনুমান মন্দিৰৰ পুৰোহিতো আক্ৰান্ত হৈছে কোভিড-১৯ পজিটিভিত।

ইতিমধ্যে, মহানগৰীত ৩৫ টালৈ বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জ’নৰ সংখ্যা।

Related News