NORTHEAST NOW (Assamese)

নিশা চামগুৰিৰ ৰাজপথত বাগৰিল বলেৰ’; আৰক্ষী বিষয়াসহ এগৰাকী মহিলা আহত

February 13, 2020 9:43 am · ভাৰ্গব হাজৰিকা
ফটো : নৰ্থ-ইষ্ট নাও

চামগুৰিৰ হাঁহচৰা-বৰালী গাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়।

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা যায়।

উল্লেখ্য যে, AS-03V-6141 নম্বৰৰ বলেৰ’ বাহনখন যোৰহাটৰ APRO DSP প্ৰীতম কুমাৰ দাসৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত প্ৰীতম কুমাৰ দাসৰ লগতে আন এগৰাকী মহিলা আহত হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলত চামগুৰি আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ আহত লোক দুগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাৰ বাবেই চামগুৰিৰ হাঁহচৰা-বৰালীগাঁৱত সঘনাই সৰু-বৰ বহু পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Related News