ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰা আৰক্ষী জোৱানক নিলম্বন

ফটো-নৰ্থ-ইষ্ট নাও

গুৱাহাটীৰ ভৰলুমুখত বিশেষভাৱে সক্ষম এগৰাকী কিশোৰক প্ৰহাৰ কৰা আৰক্ষীক নিলম্বন কৰা হৈছে।

মহানগৰ উপ-আৰক্ষী আয়ুক্তই এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰে।

বিশেষভাৱে সক্ষম কিশোৰ গৰাকীক নিৰ্বিচাৰভাৱে প্ৰহাৰ কৰাৰ শাস্তি হিচাপে নিলম্বিত হ’ল মহানগৰ আৰক্ষী ছাউনীৰ মুকুট বনিয়া নামৰ জোৱান গৰাকী।

ইয়াৰোপৰি, বিভাগীয় আৰক্ষী জোৱানজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে উপ-আৰক্ষী আয়ুক্ত গৰাকীয়ে।

উল্লেখযোগ্য যে, গুৱাহাটীৰ ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰিছিল আৰক্ষীয়ে।

কিশোৰজনৰ ঔষধ শেষ হোৱাত পিতৃৰ লগত ঔষধ আনিবলৈ যাওঁতে ভৰলু আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল কিশোৰজনৰ পিতৃয়ে।

নৈশ কাৰফিউ আৰম্ভ হোৱাৰ সময়তে অৰ্থাৎ প্ৰায় ৬ বজাত ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ গৈছিল দুয়ো পিতা-পুত্ৰ।

কোনো সোধপোছ নকৰাকৈ কিশোৰটিক কৰ্তব্যৰত আৰক্ষীয়ে পিছফালৰ পৰা লাঠীৰে কোবাইছিল বুলি কিশোৰজনৰ পিতৃয়ে অভিযোগ উত্থাপন কৰিছিল।

বিশেষভাৱে সক্ষম কিশোৰজনৰ পিতৃ পলাশ চলিহাই ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াত কিশোৰজনৰ ভিডিঅ’ আপল’ড কৰিছিল।

আনহাতে, আৰক্ষীক এই বৰ্বৰতাৰ কাৰণ সোধোঁতে পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰাৰহে হুমকি দিয়া বুলি ভিডিওটোত উল্লেখ কৰিছিল।

এই ভিডিও ফেইচবুকত প্ৰত্যক্ষ কৰাৰ পাছত কিশোৰজনক প্ৰহাৰ কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল এ ডি জি জি. পি. সিঙে।

তাৰ পাছতে ঘটনাৰ লগত জড়িত এজন জোৱানক নিলম্বন কৰা হয়।