স্বাধীনতা দিৱসৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ সমীপৰ দ’ গাঁৱৰ এখন কাঠনিৰ কাষৰ পৰা উদ্ধাৰ কৰি অনা মাইকী গঁড় পোৱালিজনীৰ সোমবাৰে বিয়লি চিকিৎসাধীন অৱস্থাতে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত মৃত্যু হয়৷
মাকৰ পৰা বিচ্ছেদিত অৱস্থাত উদ্ধাৰ কৰা এই পোৱালিটো নিমোনিয়া আৰু পক্ষাঘাত জনিত ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল৷
উদ্ধাৰৰ সময়তেই ভৰিত হোৱা পক্ষাঘাত জনিত ৰোগৰ বাবে গঁড়পোৱালিটোৱে ভালকৈ থিয় হ’ব পৰা নাছিল বুলিও জনাইছিল কেন্দ্ৰটোৰ পশু চিকিৎসক ডাঃ চামচুল আলীয়ে৷
১৫ আগষ্টৰ সন্ধিয়াৰ পৰা ১৭ আগষ্টৰ বিয়লিলৈকে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰতে গঁড় পোৱালীটোক পাৰ্যমানে চিকিৎসা প্ৰদান কৰিছিল পশু চিকিৎসক সকলে৷
অৱশেষত সোমাবাৰে বিয়লি এই মাইকী গঁড় পোৱালী জনীয়ে কেন্দ্ৰতে শেষ নিশ্বাস ত্যাগ কৰে৷
উল্লেখ্য যে মৃত্যু বৰণ কৰা গঁড় পোৱালিজনীকে ধৰি শেহতীয়া বানপানীত এতিয়ালৈকে তিনিটা গঁড় পোৱালিক উদ্ধাৰ কৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল যদিও এই পোৱালিটোৰ মৃত্যুৰ পিছত কেন্দ্ৰটোত সম্প্ৰতি দুটা গঁড়ৰ পোৱালি এতিয়া প্ৰতিপালিত হৈ আছে৷