NORTHEAST NOW (Assamese)

বিলাসীপাৰাত দাৰে ঘপিয়াই এজনক হত্যা

May 13, 2019 10:24 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ধুবুৰী জিলাৰ বিলাসীপাৰাত দেওবাৰ অৰ্থাৎ ১২ মে’ৰ নিশা সংঘটিত এক নৃশংস হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিলাসীপাৰাৰ কাজাইকাটা অঞ্চলৰ ৩য় খণ্ড গাঁৱৰ সহৰ আলী শেখ নামৰ এজন লোকক দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰে।

জানিব পৰা মতে কালি নিশা সহৰ আলীক কেইজনমান অচিনাক্ত লোকে নিজৰ ঘৰৰ পৰা উলিয়াই আনি দাৰে উপৰ্যুপৰিভাৱে  ঘপিওৱাৰ ফলত লোকজনৰ থিতাতে মত্যু হয়। পিছত ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষত-বিক্ষত মৃতদেহটোক উদ্ধাৰ কৰে।

আনহাতে দোষীক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে কোনো কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। অঞ্চলটোৰ স্থানীয় লোকে দোষীক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ আৰক্ষীক দাবী জনাইছে।

Related News