সুৰাপান কৰি মহিলাক অপদস্থ কৰা শিক্ষক-ব্যৱসায়ীক জেইললৈ প্ৰেৰণ

IMG-20191024-WA0057

ফটো : নৰ্থ-ইষ্ট নাও

যোৱা ১৫ অক্টোবৰত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি অঞ্চলৰ এগৰাকী মহিলা ব্যৱসায়িক শাৰীৰিক ভাবে অপদস্থ কৰাৰ অভিযোগত নাগ্ৰীজুলি আৰক্ষীয়ে এগৰাকী শিক্ষক আৰু এজন যুৱ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে শিক্ষক আৰু স্থানীয় ঔষধৰ ব্যৱসায়ী দুজনৰ বিৰুদ্ধে মহিলা ব্যৱসায়ী এগৰাকীয়ে তেওঁক শাৰীৰিক ভাবে অপদস্থ কৰা বুলি নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল।

এজাহাৰ দাখিল কৰাৰ পিছৰে পৰা পলাই আছিল তামুলপুৰ শিক্ষা খণ্ডৰ অধীনৰ ভাৰত-ভুটান সীমান্তৰ মৰিষ বাগান প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক ৰতন বৈশ্য আৰু নাগ্ৰীজুলিৰ ঔষধৰ ব্যৱসায়ী কৃষ্ণ সৰকাৰ।

মহিলা গৰাকীয়ে এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি, যোৱা ১৫ অক্টোবৰৰ নিশা প্ৰায় ৮.৩০ বজাত পানী বিচৰাৰ চলেৰে সুৰাসক্ত ৰতন আৰু কৃষ্ণই দোকানত প্ৰৱেশ কৰিছিল আৰু দোকানত থকা বিবাহিত মহিলা গৰাকীক অসৎ মানসিকতাৰ যুৱক দুজনে শাৰীৰিক ভাৱে অপদস্থ কৰে।

লগে লগে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোকৰ উপস্থিতিৰ উমান পাই ঘটনাস্থলৰ পৰা লম্পট শিক্ষক ৰতন আৰু কৃষ্ণই পলায়ন কৰে। ঘটনাৰ পিছতে, মহিলাগৰাকীয়ে নাগ্ৰীজুলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ পিছত দুয়ো গৰাকীয়ে পলাই আছিল।

ইতিমধ্যে দুয়ো গৰাকী অভিযুক্তৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত গোচৰ নং ৪৯২/১৯ ত ভাৰতীয় দণ্ড বিধি আইনৰ ৪৪৮/ ৫১১/৩৭৬(ডি)/৩৪ ধৰাত এটি গোচৰ ৰুজু কৰা হৈছিল।

নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে অভিযুক্ত দুয়ো গৰাকীক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল আৰু বৃহস্পতিবাৰে এক সূত্ৰৰ পৰা পোৱা তথ্যৰ আধাৰত অভিযান চলাই ভাৰত-ভুটান সীমান্তৰ এটি পৰিয়ালত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়।

ইফালে দুয়োজনকে বৃহস্পতিবাৰে বাক্সা জিলা সদৰ মছলপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু পিছত দুয়োকে জেইল হাজোতলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।