বঙাইগাঁৱত চিলনী চোৰক গ্ৰেপ্তাৰ: উদ্ধাৰ সোণ,জব্দ মটৰ চাইকেল

tt

বঙাইগাঁও চহৰত দিনে দিনে চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাই অহাৰ সময়তে নিউ বঙাইগাঁও আৰক্ষীয়ে এজন চিলনী চোৰক আটক কৰে ৷

নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে বঙাইগাঁও চহৰৰ পাগলাস্থান এলেকাৰ পৰা ইজাহাৰ খান নামৰ চোৰজনক আটক কৰে ৷

উল্লেখ্য যে যোৱা চাৰি জুনত নিউ বঙাইগাঁও ডাংতল পথত দিনৰ ভাগত এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়া ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইজাহাৰ খানক আটক কৰে ৷

ইতিমধ্যে আৰক্ষীৰ জেৰাত ইজাহাৰ খানে উক্ত ঘটনাৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰাৰ লগতে সোণৰ চেইনডাল এখন সোণাৰীৰ দোকানত বিক্ৰী কৰা বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷
পিছত আৰক্ষীয়ে ইজাহাৰ খানৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁৱৰ নতুন পাৰাৰ এখন সোণাৰীৰ দোকানৰ পৰা গলোৱা অৱস্থাত সোণৰ চেইনডালৰ সোণখিনি উদ্ধাৰ কৰাৰ লগতে দোকানখনৰ গৰাকী পংকজ শ্বাহক আটক কৰে ৷

আৰক্ষীয়ে চিলনী চোৰজনৰ পৰা এখন নম্বৰ প্লেট বিহীন ইয়ামাহা মটৰ চাইকেলো জব্দ কৰে ৷
আৰক্ষীয়ে ইতিমধ্যে দুয়োজনকে গ্ৰেপ্তাৰ কৰি আজি বঙাইগাঁও আদালতত হাজিৰ কৰাই অধিক সোধ- পোছৰ বাবে দুদিনৰ বাবে নিজৰ জিম্মালৈ নিয়ে ৷

নিউ বঙাইগাঁও আৰক্ষীয়ে এই চুৰি কাৰ্যৰ সৈতে আৰু সদস্য জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে ৷