NORTHEAST NOW (Assamese)

টীয়কৰ জগদুৱাৰ ৰঙালী বিহু সন্মিলনৰ আদৰণীয় পদক্ষেপ : সুস্থ পৃথিৱী কামনাৰে এহেজাৰ এশ এঘাৰ গছি বন্তি

April 16, 2021 6:35 am · নীৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ অন্যতম পুৰণি বিহু উদযাপন সমিতি জগদুৱাৰ বিহু সন্মিলনে দেশৰ কোভিডৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি বহাগৰ পহিলা দিনাই অনুষ্টুপীয়াকৈ বিহু উদাপন কৰে।

জগদুৱাৰস্থিত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি নাট্য মন্দিৰত আয়োজন কৰা হয় জগদুৱাৰ বিহু সন্মিলনৰ দিনজোৰা কাৰ্য্যসূচী।

পুৱা পতাকা উত্তোলন,  দুপৰীয়া চেমনীয়া আৰু বয়সস্থসকলে চৰকাৰী নীতি নিৰ্দেশনা অৱলম্বন কৰি হুঁচৰি প্ৰদৰ্শন কৰে।

সন্ধিয়া অঞ্চলটোৰ সকলো একত্ৰিত হৈ এহেজাৰ এশ এঘাৰ গছি বন্তি জ্বলাই দেশৰ পৰিস্থিতি অতি সোনকালে সুস্থ হ’বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

সুস্থ পৃথিৱী শীৰ্ষক বন্তিৰে সজাই সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰি সকলোকে এনেদৰেই সতৰ্কতা অৱলম্বন কৰি বিহু উদযাপন কৰিবলৈ আহ্বান জনায় জগদুৱাৰ বিহু সন্মিলনে।

Related News