NORTHEAST NOW (Assamese)

ডিফুত নিশা শুই থকা অৱস্থাতে ভূমিস্খলনে প্ৰাণ কাঢ়িলে এজন জোৱানৰ

August 27, 2018 7:56 pm · নংনী টেৰাং

ডিফু আৰক্ষী থানাৰ অন্তৰ্গত ৰংমিৰডান নামৰ গাঁও এখনত কালি নিশা প্ৰায় ২.১৫ বজাত সংঘটিত ভয়ংকৰ ভূমিস্খলনত নজৰুল ইছলাম (৪০) নামৰ এজন যান-বাহন আৰক্ষীৰ মৃত্যু হয়।

মৃত যান-বাহন আৰক্ষীৰ জোৱানজন নগাঁৱৰ ধিঙৰ সোণাৰী গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। নজৰুল ইছলামে ৰংমিৰডানত ভাৰাঘৰত বাস কৰিছিল। আৰু নিশা শুই থকা অৱস্থাতে ঘৰৰ ওপৰত পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাত জোৱানজনৰ কৰুণ মৃত্যু হয়।

ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে ডিফু আৰক্ষী চকীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত মাটি খান্দি মৃত জোৱান নজৰুল ইছলামৰ মৃতদেহ ৰাতিপুৱা উদ্ধাৰ কৰে।

ইফালে ৰাতিপুৱা দণ্ডাধীশ জোনমণি সোণোৱাল আৰু অতিৰিক্ত উপায়ুক্ত নৰছিং বে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰু ইয়াৰ পাছতে জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা যায়।

উল্লেখ্য যে বিগত কিছু দিনৰ পৰা হৈ থকা  নেৰা নেপেৰা বৰষুণৰ ফলত পাহাৰীয়া অঞ্চল ডিফুত ব্যাপক হাৰত খহনীয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ফলত যোৱা এমাহত দুজনকৈ লোকে মৃত্যুক আকোৱালি ল’লে।

Related News