গুৱাহাটী মহানগৰীৰ বেলতলাস্থিত ষ্টাৰ লজত আজি এহাল বিবাহিত দম্পতীৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়।
বশিষ্ঠ আৰক্ষীয়ে জনোৱা মতে আজি দিনৰ প্ৰায় ২ বজাত আৰক্ষীয়ে ষ্টাৰ লজৰ ১০১ নং কোঠাত মৃতদেহ দুটা উদ্ধাৰ কৰে।মৃত দম্পতীহালক চিৰাং জিলাৰ বিজনীৰ স্বৰূপ চৌধুৰী (৪০) আৰু আৰু জয়া চৌধুৰী (৩৫) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক কথা-বাৰ্তাত বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নবজিৎ বাগলাৰীয়ে কয়, ‘ঘটনাটো দেওবাৰে নিশা সংঘটিত হৈছিল। লজৰ কৰ্মচাৰীয়ে আমাক জনোৱাৰ ঠিক পিছতে আমি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটাক উদ্ধাৰ কৰো। গিৰীয়েকজনৰ মৃতদেহ চিলিং ফেনত উলমি থকাৰ বিপৰীতে তেওঁৰ পত্নীৰ মৃতদেহ বিছনাত পৰি আছিল।‘
তেওঁ লগতে কয়, ‘আমাৰ প্ৰাৰম্ভিক তদন্ত মতে আমি স্বৰূপ চৌধুৰীয়ে নিজৰ পত্নীক হত্যা কৰি পিছত নিজেই আত্মহত্যা কৰা বুলি সন্দেহ কৰিছো। অৱশ্যে এইয়া এতিয়াও নিশ্চিত হোৱা নাই।‘
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে কোনোধৰণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।