অৰুণাচল প্ৰদেশত মাৰণাস্ত্ৰসহ আটক এজন আলফা কেডাৰ

ফটো : নৰ্থ-ইষ্ট নাও

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত আটক হৈছে এজন আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ। আটকাধীন কেডাৰজন মাজুলীৰ বুলি জানিব পৰা গৈছে।

কালি অৰ্থাৎ বুধবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং আৰক্ষী থানাৰ অন্তৰ্গত ১৯ নং আছাম ৰাইফলছে এক গোপন সূত্ৰৰ আধাৰত দুৰ্গম জংঘলৰ পৰা এজন আলফা স্বাধীনৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন আলফা সদস্যজন মাজুলীৰ বালি জোকাই গাঁৱৰ ভাইটি অসম (৩০) বুলি জানিব পৰা গৈছে।

আটকাধীন আলফা সদস্যজনৰ পৰা সেনাই এটা ৯ এম এম পিষ্টল, এটা ৰেডিঅ’ ছেট, ম্যানমাৰী টকা সহ কেইবাটাও আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে।

বৰ্তমান আটকাধীন আলফা (স্বাধীন)ৰ সদস্য জনৰ পৰা অধিক তথ্যৰ বাবে সেনাই জেৰা অব্যাহত ৰাখিছে।