NORTHEAST NOW (Assamese)

বৰডুমচাত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক আলফা স্বাধীনৰ লিংকমেন

June 23, 2019 8:28 pm · মানস প্ৰতিম গগৈ
Updated: June 23, 2019 10:47 pm
তিনিচুকীয়াত সেনা-আৰক্ষীৰ অভিযানত আটক হোৱা আলফা স্বাধীনৰ লিংকমেনজন

তিনিচুকীয়া জিলাৰ বৰড়ুমচা আৰক্ষী থানাৰ অন্তৰ্গত মিহলি ৰিতুৰ অঞ্চলত আজি ৰাতিপুৱাৰে পৰা সেনা আৰু আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে অভিযান চলাই এগৰাকী আলফা স্বাধীনৰ লিংকমেনক অস্ত্ৰ-শস্ত্ৰ সহ আটক কৰে।

আটক কৰা আলফা স্বাধীনৰ লিংকমেনগৰাকী জাউৰিপ চিংফৌ বুলি পৰিচয় লাভ কৰা হৈছে। সেনা আৰু আৰক্ষীৰ অভিযানত অঞ্চলটোত আত্মগোপন কৰি থকা অৱস্থাত জাউৰিপক আটক কৰা হয়। লিংকমেনগৰাকীৰ পৰা এটা জাৰ্মানীত নিৰ্মিত পইণ্ট থ্ৰী টু পিষ্টলসহ সাত জাই সক্ৰিয় গুলী জব্দ কৰা হয়।

বৰ্তমান আটকাধীন আলফা স্বাধীনৰ লিংকমেনগৰাকীক জেৰাৰ বাবে বৰডুমচা আৰক্ষীৰ জিম্মাত চমজাই দিয়া হৈছে।

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাত দীৰ্ঘদিনৰ পৰা জাউৰিপ চিংফৌৱে নতুন সদস্য ভৰ্তি আৰু আলফাৰ শক্তি বৃদ্ধি আদি সাংগঠনিক কামত জড়িত হৈ আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

আনহাতে, বিগত কিছুমাহৰ পৰা সেনা-আৰক্ষীৰ অভিযানত বহুকেইগৰাকী আলফা স্বাধীনৰ কেডাৰ আটক হোৱাৰ লগতে বহুকেইগৰাকী কেডাৰে স্ব-ইচ্ছাই আহি সেনা বাহিনীৰ আগত আত্মসমৰ্পন কৰা কথাটোৱে আলফাৰ শক্তি ক্ৰমে হ্ৰাস পোৱা দিশতো উদঙাই দিছে।

Related News