NORTHEAST NOW (Assamese)

এইবিধ হৈছে বিশ্বৰ আটাইতকৈ দামী আঙুৰ; দাম শুনিয়েই চকু কপালত উঠিব আপোনাৰ

February 10, 2020 9:46 am · এন ই নাও নিউজ
Updated: February 10, 2020 9:47 am

আপুনি কেতিয়াবা ৰঙা আঙুৰ খাই পাইছেনে? আপুনি হয়তো প্ৰশ্ন কৰিব ক’ত বাৰু পায় ৰঙা আঙুৰ, সেয়াও খায়নে?

সাধাৰণতে সেউজীয়া আৰু ক’লা আঙুৰ সকলোতে দেখাযায়। কিন্তু ৰঙা আঙুৰো আছে। অৱশ্যে, এইবিধ ভাৰতত সহজতেই পোৱা নাযায়।

এই আঙুৰ বিধৰ এথোপাৰ দাম শুনি আচৰিত হ’ব আপুনি।

জাপানত মানুহে ইয়াৰ একোটা সৰু থোপা ৭.৫ লাখ টকাত ক্ৰয় কৰে। এইবিধ আঙুৰ প্ৰজাতিৰ দাম ৰুবি ৰোমান।

এই বিশেষ প্ৰজাতিৰ এটা আঙুৰৰ ওজন প্ৰায় ২০ গ্ৰাম। এথোপাত প্ৰায় ২৪ টা আঙুৰ থাকে।

ইয়াৰ চৰা দামৰ বাবে এই ৰঙা আঙুৰ বিধক ধনীৰ ফল বুলি জনা যায়।

এই বিশেষ প্ৰজাতিৰ আঙুৰ বিধ ১২ বছৰ আগতে ইছিকাৱা প্ৰদেশৰ চৰকাৰে বিকশাই তুলিছিল।

আঙুৰবিধ অত্যন্ত মিঠা আৰু জাপানত ইয়াক বিলাসী ফলৰ শ্ৰেণীত ধৰা হয়।

যোৱা মঙলবাৰে কানাজাৱা পাইকাৰী বজাৰত এই আঙুৰবিধৰ অভিলেখ সংখ্যক দৰ উঠে।

নীলামত হায়াকুৰাকুছো নামৰ কোম্পানীটোৱে এথোপা আঙুৰ ১১ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৭.৫২ লাখ টকাত ক্ৰয় কৰে।

উক্ত কোম্পানীটো জাপানৰ হোটেল ব্যৱসায়ৰ সৈতে জড়িত।

ইছিকাৱা কোপাৰেটিভ ছচাইটিয়ে জানিবলৈ দিছে যে ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে ৰুবি ৰোমান প্ৰজাতিৰ আঙুৰবিধৰ প্ৰায় ২৬ হাজাৰ থোপা ৰপ্তানি কৰিব।

Related News