NORTHEAST NOW (Assamese)

স্বামীয়ে শিৰত পিন্ধোৱা সেন্দূৰ খাই আত্মহত্যা এগৰাকী মহিলাৰ

December 10, 2020 3:19 pm · এন ই নাও নিউজ

ভাৰতীয় হিন্দু পৰম্পৰাত সেন্দূৰক অতি পবিত্ৰ সম্পদ হিচাপে গণ্য কৰা হ’লেও উত্তৰপ্ৰদেশত এগৰাকী মহিলাই সেই সেন্দূৰ খাই আত্মহত্যাৰ পথ বাচি লয়।

জানিব পৰা মতে, উত্তৰপ্ৰদেশৰ দানপুৰ গাঁৱৰ এগৰাকী ২৬ বছৰীয়া মহিলাই স্বামীয়ে নিজৰ কৰ্মস্থলী চুৰাতলৈ তেওঁক লৈ যোৱাৰ বাবে অমান্তি হোৱাত মহিলা গৰাকীয়ে আত্মহত্যা কৰে।

‘‘আত্মহত্যা কৰা মহিলা গৰাকীৰ স্বামীয়ে পত্নীক চুৰাতলৈ লৈ যাবলৈ অমান্তি হৈ নিজ ঘৰতে থাকিবলৈ কৈ তেওঁলোকৰ আঢ়ৈ বছৰীয়া সন্তানক চোৱা-চিতা কৰাৰ বাবে কৈছিল,’’ তদন্তকাৰী আৰক্ষীয়ে উল্লেখ কৰে।

স্বামীৰ সিদ্ধান্তত খৰ্গহস্ত হৈ পত্নীয়ে ঘৰতে থকা সেন্দূৰ অধিক মাত্ৰা খোৱাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

পৰৱৰ্তী সময়ত ওচৰ-চুবুৰীয়াই মহিলা গৰাকীক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত মহিলা গৰাকীৰ স্বাস্থ্যৰ ক্ৰমাৎ অধিক অৱনতি ঘটে আৰু বুধবাৰে মহিলা গৰাকীয়ে মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে বৰ্তমান মহিলা গৰাকীৰ স্বামীক আটক কৰিছে আৰু সোধা-পোছা অব্যাহত ৰাখিছে।

Related News