মহানগৰীৰ ভাড়াঘৰত ড্ৰাগছ-নাৰী দেহ ব্যৱসায় চলোৱা যুৱক-যুৱতী, মহিলাক আটক

শনিবাৰে অৰ্থাৎ ২২ ডিচেম্বৰত গুৱাহাটীৰ ফটাশিল আমবাৰী আৰক্ষীয়ে ধীৰেনপাৰাৰ চম্পাৱতী ফিল্ডৰ কাষৰ এটা ভাড়াঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। লগতে আৰক্ষীয়ে দেহ ব্যৱসায়ৰ সৈতে জড়িত থকা এগৰাকী যুৱকৰ সৈতে তিনিগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে।

ফটাশিল আমবাৰীৰ উপ পৰিদৰ্শক দিলীপ ভৰালীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ পম খেদি নিশা ৯ মান বজাত এচিপি প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে উক্ত অঞ্চলত অভিযান চলায়।

অভিযানকালত ড্ৰাগছৰ ৬৯ টা কন্টেন্টৰ সৈতে হাফিজুৰ ৰহমান(২৮) নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ গৰাকী যুৱতী-মহিলাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত তিনিগৰাকীৰ এগৰাকীৰ নাম আনোৱাৰা বেগম বুলি জানিব পৰা হৈছে যদিও আন দুগৰাকীৰ নাম বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই। বৰ্তমানলৈকে আটকাধীন লোককেইজনৰ নামত গোচৰ পঞ্জীয়ন হোৱা নাই আজি দুপৰীয়াহে তেওঁলোকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হ’ব বুলি আৰক্ষী জানিবলৈ দিয়ে।

ফটাশিল আমবাৰী আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ধৃত যুৱকজন আৰু মহিলা কেইগৰাকীয়ে মিলি দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে ভাড়াঘৰত নাৰী দেহ ব্যৱসায়ো চলাই আহিছিল।

বৰ্তমান ফটাশিল আমবাৰী আৰক্ষীয়ে ড্ৰাগছ সৰবাৰহৰ সৈতে জড়িত আন কেইবাটাৰ বিৰুদ্ধে তদন্ত চলাই আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।