NORTHEAST NOW (Assamese)

ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে এজন যুৱকৰ, আন এজন গুৰুতৰভাৱে আহত

June 23, 2020 1:32 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

বোকাখাত মহকুমাৰ ৰাজাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘৰ্টিত হয় এক শোকাবহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত এজন স্কুটী আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন এজন আৰোহী গুৰুতৰ ভাৱে আহত হয়৷

আহত জনক ততাতৈয়াকৈ বোকাখাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

প্ৰাপ্য তথ্যমতে  বোকাখাতৰ পৰা যোৰহাটৰ দিশলৈ গৈ থকা এ এছ ১৭ বি  ৯৮১৬ নম্বৰ মালবাহী ট্ৰাকৰ লগত এখন স্কুটীৰ ৰজাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত মুখামুখি সংঘৰ্ষ হয়।

ইয়াৰ ফলত স্কুটি আৰোহী ৰোমাঙ্কৰ দাস নিহত হোৱাৰ বিপৰীতে সাধন দাস নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোত পতিত যুৱক দুজনৰ ঘৰ বোকাখাত মহকুমাৰ বৰচাপৰিৰ জোনাকী নগৰত বুলি জানিব পৰা গৈছে।

Related News