NORTHEAST NOW (Assamese)

শিৱসাগৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত যুৱক

December 6, 2019 10:34 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰৰ প্ৰগতি চাৰিআলিৰ সমীপত আজি সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ থিতাতে মৃত্যু হয়। মৃত যুৱকজনক পালেঙীৰ ৰাজ বৰগোহাঁই (২৪) বুলি চিনাক্ত কৰা হৈছে।

শিৱসাগৰৰ প্ৰগতি চাৰিআলিৰ সমীপত এখন তীব্ৰ বেগী ডাম্পাৰে পিছফালৰ পৰা এ এছ ০৪ য়ু ৩২৫৭ নম্বৰৰ এখন স্কুটিক প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত স্কুটী আৰোহী ৰাজ বৰগোহাঁইৰ স্কুটীৰ পৰা দূৰত ছিটিকি পৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজক তাৎক্ষণিকভাৱে প্ৰগতি নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে ৰাজে শেষ নিশ্বাস ত্যাগ কৰে।

ইফালে এই দুৰ্ঘটনাত স্কুটীৰ চালক অৰ্থাৎ আনজন যুৱক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত যুৱকজনক দিতুল গগৈ বুলি চিনাক্ত কৰা হৈছে।

দুই যুৱকে শিৱসাগৰত ভাওনাৰ আখৰা কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ডাম্পাৰখনে পলায়ন কৰে।

Related News