শান্ত হোৱা নাই মেঘালয়ৰ পৰিস্থিতি; আজি শ্বিলঙত অসমৰ যুৱকক হানি খুচি হত্যা

index

শ্বিলঙৰ বৰবজাৰত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ৰূপচান দেৱান। ফাইল ফটো

মেঘালয়ৰ পূব খাচি পাহাৰৰ চেলাত খাচি ছাত্ৰ সন্থা আৰু অজনজাতীয় লোকৰ মাজত হোৱা সংঘাতৰ পৰিণতিত এগৰাকী খাচি ছাত্ৰ সন্থাৰ সদস্যই প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ এতিয়াও অৱসান ঘটা নাই।

এনে পৰিস্থিতিৰ মাজতে শনিবাৰে অসমৰ এজন যুৱকক হানি খুচি হত্যা কৰা হয় ৷

শনিবাৰে শ্বিলঙৰ বৰবজাৰত পুৱা প্ৰায় ১০ বজাত স্থানীয় লোকে হানি খুচি হত্যা কৰে বৰপেটাৰ মুচলিমপাৰাৰ যুৱক ৰূপচান দেৱান (২৮)ক ৷

বৰবিলাৰ মুছলিমপাৰাৰ ইব্ৰাহীম দেৱানৰ পুত্ৰ ৰূপচান দেৱানে শ্বিলঙত ফলমূল বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল ৷

শনিবাৰে পুৱা প্ৰায় ১০ বজাত স্থানীয় একাংশ লোকে কেইবাগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷

এই আক্ৰমণত বৰপেটাৰ ৰূপচান দেৱান গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ শ্বিলঙ  চিভিল হাস্পতালত নিয়াৰ পথত ৰূপচান দেৱানৰ মৃত্যু হয় ৷

মেঘালয় চৰকাৰে শুকুৰবাৰে ৰাজ্যখনৰ ছয়খন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে।

ৰাজ্যখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই যাতে এছ এম এছ, হোৱাটছএপ আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ যোগেৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাত অৰিহণা যোগাব নোৱাৰে তাৰ বাবেই মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধন)আইন আৰু আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগত শুকুৰবাৰে মেঘালয়ত খাচি ছাত্ৰ সন্থা আৰু অজনজাতীয় লোকৰ মাজত সংঘাত হৈছিল আৰু এই সংঘাতত গুৰুতৰভাৱে আহত এগৰাকী খাচি ছাত্ৰ সন্থাৰ সদস্যই প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।