NORTHEAST NOW (Assamese)

পুনৰ ৪৮ ঘণ্টীয়া বন্ধ, বাতিলৰ আহ্বান অ’ এন জি চিৰ

September 18, 2019 6:22 pm · অভীক চক্ৰবৰ্তী
Updated: September 18, 2019 6:26 pm
প্ৰতীকী ছবি।

শেহতীয়া কেইটামান সংগঠনে “অসম বন্ধ” দিছিল। তাৰ পিছতে আন কিছুৱে ১৯ ছেপ্তেম্বৰৰ পৰা ঘোষণা কৰা “অ’ এন জি চি বন্ধ” উঠাই ল’বলৈ কোম্পানিটোৱে আহ্বান জনাইছে।

অ’ এন জি চিৰ এনুৱেল ৰে’ট কণ্ট্ৰেক্তত প্ৰশ্ন তুলি কিছু সংগঠনে ৪৮ ঘণ্টাৰ বাবে বন্ধটো আহ্বান কৰিছে।

বন্ধই দেশৰ লগতে অসম আৰু অ’ এন জি চিৰ ভীষণ আৰ্থিক ক্ষতি কৰে বুলি উল্লেখ কৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে এই গোহাৰি জনাইছে।

সংগঠনসমূহে ধাৰণা কৰাৰ দৰে এ আৰ চিত যোগ্যতাৰ মাপসমূহ (qualifying criterion)ৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই, অ’ এন জি চিৰ বিবৃতিত প্ৰকাশ।

অ’ এন জি চিয়ে লগতে কৈছে যে যোৱা ১৪ ছেপ্তেম্বৰত এই সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ অধ্যক্ষতাত সংগঠনসমূহৰ সৈতে অনুষ্ঠিত বৈঠকত বিষয়টো বৰ্ণনা কৰা হৈছিল।

“এ আৰ চিৰ উদ্দেশ্য আৰু উমৈহতীয়া সুবিধা সম্পৰ্কে অ’ এন জি চিয়ে স্পষ্ট বিশ্লেষণ দাঙি ধৰিছে,” বিবৃতিত প্ৰকাশ।

এ আৰ চিয়ে মানুহৰ সুবিধা কৰিব বুলি উল্লেখ কৰি অ’ এন জি চিয়ে কৈছে যে এদিনৰ বন্ধৰ ফলত প্ৰতিষ্ঠানটোৱে ২০০০ টন তেল আৰু ১ মিলিয়ন ষ্টেণ্ডাৰ্দ কিউবিক মিটাৰ পৰিমাণৰ গেছ উৎপাদনৰ লোকচানৰ সন্মুখীন হয়।

যোৱা ৬০ বছৰে অসমত সক্ৰিয় থাকি ৰাজ্যখনৰ উন্নতিত সমৰ্থন আগবঢ়াই অহা বুলি উল্লেখ কৰি অ’ এন জি চিয়ে কৈছে যে কিছুমান গোটে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কাম কৰি আহিছে।

“ন্যস্ত স্বাৰ্থজৰিত কিছুমান গোটে অ’ এন জি চিৰ এক ভুল ভাবমূৰ্তি বিয়পাইছে আৰু অভিযোগ কৰি আহিছে যে অ’ এন জি চিয়ে অসমৰ মানুহৰ বিৰুদ্ধে কাম কৰি আছে,” বিবৃতিত প্ৰকাশ।

Related News