NORTHEAST NOW (Assamese)

শিৱসাগৰৰ কেইগৰাকীমান উদীয়মান যুৱকৰ প্ৰচেষ্টা; নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অনলাইন ডেলিভাৰী সেৱা ‘বন্ধু’ মুকলি

October 29, 2020 5:43 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰৰ কেইগৰাকীমান উদীয়মান যুৱকে ‘বন্ধু’ নামৰ এটা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ ডেলিভাৰী চাৰ্ভিছ আৰম্ভ কৰিছে।

ল’কডাউনৰ সময়ৰ পৰাই ‘বন্ধু’ৱে শিৱসাগৰবাসীক ঘৰে ঘৰে গৈ বিভিন্ন খাদ্য সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰিছিল।

এতিয়াৰে পৰা শিৱসাগৰবাসীয়ে ঘৰতে বহি গেলামাল সামগ্ৰী, ফাষ্টফুড তথা ঔষধপাতি লাভ কৰিব পাৰিব।

আজি ‘বন্ধু’ৰ এটা এপ আৰু ৱেবচাইট শিৱসাগৰ চহৰত মুকলি কৰা হয়। গুগ’ল প্লে ষ্ট’ৰৰ পৰা এই এপটো ডাউনলোড কৰি ঘৰতে বহি গ্ৰাহক সকলে প্ৰয়োজনীয় সামগ্ৰী সমূহ লাভ কৰিব পাৰিব।

বৰ্তমান শিৱসাগৰবাসীয়ে এই ‘বন্ধু’ৰ সেৱা সমুহ চেৰেকাপাৰ, জয়সাগৰ, বেতবাৰী, কথপাৰ আদি অঞ্চললৈকে প্ৰদান কৰা হ’ব যদিও ভৱিষ্যতে ইয়াক বিস্তাৰিত কৰিব বুলি জানিবলৈ দিয়ে ‘বন্ধু’ ৰ সদস্য সকলে।

নিম্নতম ডেলিভাৰী মাচুলৰ বিনিময়ত ঘৰতে বহি ১ ৰ পৰা ২ ঘন্টাৰ ভিতৰত গেলামালৰ সামগ্ৰী, আধাঘন্টাৰ ভিতৰত ৰেষ্টুৰেন্ট তথা ঔষধ যোগান ধৰা হ’ব বুলিও বন্ধুৰ সদস্য সকলে উল্লেখ কৰে।

বৰ্তমান সাতজন যুৱক এই সেৱাৰ লগত জড়িত হৈ আছে যদিও ভৱিষ্যতে আন বহু কেইজন যুৱকক সংস্থাপিত কৰিব বুলি তেওঁলোকে কয়।

শিৱসাগৰবাসীয়ে ‘বন্ধু’ৰ এই সেৱাৰ দ্বাৰা উপকৃত হব বুলি আশাবাদী বন্ধুৰ সদস্য সকল।

Related News