NORTHEAST NOW (Assamese)

লখিমপুৰত ৩৮৫লৈ বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা, অভিযোগ দাখিলৰ বাবে অনলাইন সেৱা মুকলি প্ৰশাসনৰ

July 22, 2020 4:39 pm · ফাৰহানা আহমেদ
Updated: July 22, 2020 4:40 pm
প্ৰতিনিধিত্বমূলক ফটো।

লখিমপুৰ জিলাত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

শেহতীয়াকৈ জিলাখনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫৮ গৰাকী হৈছেগৈ। এনে পৰিস্থিতিত জিলাখনত ক’ৰ’ণাৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

সেই মৰ্মে জিলা প্ৰশাসনে সাধাৰণ জনতাই কাৰ্যালয়লৈ নহাকৈয়ে অনলাইনৰ জৰিয়তে অভিযোগ দাখিলৰ ব্যৱস্থা কৰিছে। লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে জনসাধাৰণে তেওঁলোকৰ বিভিন্ন বিষয়ত থকা অভিযোগ সমূহ জিলা প্ৰশাসনে মুকলি কৰি দিয়া বিশেষ ৱাটছএপ নম্বৰলৈ পঠিয়াব পাৰিব।

পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে তেনে অভিযোগ সমূহ সংশ্লিষ্ট বিভাগ সমূহলৈ প্ৰেৰণ কৰিব।

১৮ জুলাইত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুগৰাকীকৈ কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱাৰ পিছতে জিলা উপায়ুক্তৰ নিৰ্দেশত কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীৰ স্বাৱ পৰীক্ষা কৰোৱা হৈছিল।

শেহতীয়াকৈ অহা ফলাফলত সকলো কৰ্মচাৰীৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে।

জিলা উপায়ুক্ত ড. জীৱন বিয়ে জনসাধাৰণে অভিযোগ আদি দাখিলৰ বাবে কাৰ্যালয়লৈ আহিলে ক’ৰ’ণাৰ অধিক সংক্ৰমণ হ’ব পাৰে বুলি আশংকা কৰিয়েই অনলাইন যোগে অভিযোগ দাখিলৰ আহ্বান জনাইছে।

ইয়াৰ বাবে জিলা প্ৰশাসনে ৱাটছএপত03752-222196, টুইটাৰত @LakhimpurDist আৰু ফেচবুকৰ বাবে @districtadministrationlakhimpur আই ডি মুকলি কৰিছে।

লখিমপুৰত শেহতীয়াকৈ হায়দৰাবাদ আৰু মুম্বাইৰ পৰা অহা ৭ জনকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

Related News